গুৱাহাটী,৩ অক্টোবৰ: দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত শনিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ‘দিছপুৰ ঘেৰাও’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ SI পৰীক্ষাত হোৱা গাফিলতি তথা কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত যুৱ কংগ্ৰেছে ৷
উক্ত প্ৰতিবাদত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ,বিধায়ক ৰকিবুল হুছেইন,বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি সহস্ৰাধিক কংগ্ৰেছ কৰ্মী ৷
প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে,‘‘SI কেলেংকাৰীত পোনপটীয়াকৈ মুখ্যমন্ত্ৰী জড়িত আছে । মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত সংঘটিত হৈছে সকলো দুৰ্নীতি । দুৰ্নীতিৰ কৰি ক’লা দাগ মচিবলৈহে দুৰ্নীতিগ্ৰস্ত নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপিত । লুইবাৰ্জাৰ কেলেংকাৰীৰ তদন্তও সঠিক দিশত আগবঢ়া নাই আৰু SIৰ লগতে জনসংযোগ কেলেংকাৰীৰো তদন্ত যে সঠিকভাৱে হ’ব সেই আশা নাই । গতিকে সাম্প্ৰতিক সময়ত সকলো ‘কা’ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ কাম কৰিব লাগিব’’ ৷
আনহাতে বিধায়ক ৰকিবুল হুছেইনে কয় যে,‘‘SI কেলেংকাৰীৰ তদন্তৰ নামত কেৱল নাটক চলি আছে । গতিকে এই তদন্ত উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ জৰিয়তে হোৱা উচিত ৷ বিজেপিয়ে কংগ্ৰেছৰ প্ৰতিবাদলৈ ভয় কৰে,যাৰ বাবে কংগ্ৰেছৰ কৰ্মীসকলক বাধা দিছে আৰক্ষী-প্ৰশাসনে ৷ আঞ্চলিক দল গঠনৰ অৰ্থই হৈছে বিজেপিক উৎখাত কৰা ৷ নতুন দল গঠনে কংগ্ৰেছক আৰু অধিক শক্তিশালী কৰিব” ৷
লগতে পঢ়ক:প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ