অসম

assam

ETV Bharat / city

মহিলাৰ দেহত লুকুৱাই ড্ৰাগছৰ সৰবৰাহ

মহিলাৰ দেহত লুকুৱাই নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ (Drug smuggling by women) ৷ খটখটীত হেৰʼইনসহ দুই মহিলা আৰক্ষীৰ জালত ৷

By

Published : Mar 19, 2022, 8:09 PM IST

Updated : Mar 19, 2022, 9:38 PM IST

women-involved-in-drug-peddling-in-karbi
মহিলাৰ দেহত লুকুৱাই ড্ৰাগছৰ সৰবৰাহ

ডিফু, ১৯ মাৰ্চ :আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত সময়ত নিশ্চিদ্ৰ অভিযান অব্যাহত ৰখা কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে শনিবাৰে পুৱাৰ ভাগত অভিযান চলাই মাৰাত্মক হেৰʼইন জব্দ কৰাৰ‌ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুই মহিলাক আটক কৰিবলৈ সক্ষম হয় (Anti drug mission) । ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত তালাচী অভিযান চলায় ।

উদ্ধাৰ হোৱা ড্ৰাগছ

আৰক্ষীৰ অভিযানৰ মাজতে পুৱা প্ৰায় 9.30 বজাত ডিমাপুৰৰ পৰা আহি থকা এএছ-21-চি-9306 নম্বৰৰ যাত্ৰীবাহী আলট্ৰা বাছখনত তালাচী চলাই এগৰাকী মহিলাৰ জিম্মাৰ পৰা‌ চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 47.01 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছখিনিৰ সৰবৰাহকাৰী নগাঁও জিলাৰ ৰহা মণিপুৰটুপৰ নিবাসী হবিজুল হকৰ পত্নী ফাৰহানা বেগম (25)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (women arrested for drug smuggling) ।

ধৃত মহিলাগৰাকীৰ দেহৰ ভিতৰত কৌশলেৰে হেৰʼইনখিনি লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে । মহিলাগৰাকীক দেহত হেৰʼইনখিনি ভৰাই অনাত সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে মৰিগাঁও জিলাৰ লাহৰীঘাট বৰবৰী ৰিজাৰ্ভৰ ফৰিদা বেগম (20) নামৰ আন এগৰাকী মহিলাকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত ফৰিদা বেগম সম্পৰ্কত ড্ৰাগছ সৰবৰাহকাৰী ফাৰহানা বেগমৰ ননদ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত কিমান সফল সৰ্বানন্দ সোণোৱাল

Last Updated : Mar 19, 2022, 9:38 PM IST

ABOUT THE AUTHOR

...view details