গুৱাহাটী, ১৯ নৱেম্বৰ : দুবাৰকৈ নিলাম কৰিব খুজিও কোনো কিনোতা বিচাৰি নোপোৱাৰ পিছত কাছাৰ আৰু নগাঁও কাগজ কল দুটা নিজেই কিনি লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে এই সম্পৰ্কে এতিয়াও কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াকে লৈ দিল্লী আৰু দিছপুৰৰ মাজত কথা বতৰাও চলিছে ।
ৰাজ্য চৰকাৰে ক্ৰয় কৰিব নেকি কাগজ কল দুটা ! ৰাজ্যৰ উদ্যোগ বিভাগৰে কৰ্তৃত্বশীল এক শীৰ্ষ সূত্ৰই শুকুৰবাৰে ই টিভি ভাৰতৰ আগত এই তথ্য সদৰী কৰে । বিভাগীয় সূত্ৰটোৱে লগতে স্পষ্ট কৰি দিয়ে যে, ৰাজ্য চৰকাৰে কল দুটা কিনিব খুজিলেও কল দুটা কিন্তু পুনৰ কাৰ্যক্ষম কৰি তোলা নহ’ব । তাৰপৰিবৰ্তে সেই স্থানত অন্য উদ্যোগহে স্থাপন কৰা হ’ব । ইতিমধ্যে এই সমস্ত বিষয়টো আগবঢ়াই নিবলৈ অসম ঔদ্যোগিক উন্নয়ন নিগম(AIDC)ক চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে ।
সকলো যদি ঠিকে-ঠাকে আগবাঢ়ে তেন্তে অনাগত যিকোনো এখন কেবিনেট বৈঠকত এই সিদ্ধান্তৰ আনুষ্ঠানিক ৰূপ দিয়া হ’ব । মনকৰিবলগীয়া যে, কাগজ কল দুটা নিলামৰ বাবে সৰ্বনিম্ন ১,১৩৯ কোটি টকা ধাৰ্য কৰি বিজ্ঞাপন জাৰি কৰা হৈছিল । কিন্তু সেই নিলামত কোনেও ভাগ নললে । অৰ্থাৎ মৃত্যু হোৱা কাগজ কল দুটা ক্ৰয় কৰিবলৈ দেশৰ কোনো বিনিয়োগকাৰী আগুৱাই নাহিল । ইয়াৰ পিছত সৰ্বনিম্ন মূল্য হ্ৰাস কৰা হ'ল । নতুন বিজ্ঞাপন প্ৰকাশ কৰা হ'ল যে কল দুটাৰ সৰ্বনিম্ন নিলাম মূল্য হ’ব ৯৬০ কোটি টকা । কিন্তু সেইবাৰো কোনো কিনোতা নোলাল ।
বিজ্ঞাপন বিজ্ঞাপন হৈয়েই থাকিল ।পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰীৰ দৰমহাৰ বাবে ৫৬০ কোটি টকাৰ এক পেকেজো ঘোষণা কৰে । কিন্তু এতিয়া এই দুয়োটা সম্পত্তিয়েই ৰাজ্য চৰকাৰে নিজে কিনি লৈ সেই স্থানত অন্য উদ্যোগ স্থাপনৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে ।
লগতে পঢ়ক :কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়: মন্ত্ৰী পীযুষ হাজৰীকা