অসম

assam

ETV Bharat / city

কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট - central budget session 2022

Union budget 2022
কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট

By

Published : Feb 1, 2022, 11:20 AM IST

Updated : Feb 1, 2022, 12:35 PM IST

11:39 February 01

11:36 February 01

10:12 February 01

Union budget 2022

  • সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2022 বৰ্ষৰ বাজেট
  • সামগ্ৰিক কল্যাণৰ লক্ষ্য লোৱা হৈছে বাজেটত
  • এবছৰত 25 হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য
  • দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 9.2 শতাংশ কৰাৰ লক্ষ্য
  • অনাগত 25 টা বৰ্ষৰ বুনিয়াদ নিৰ্মাণ হ’ব এই বাজেটত
  • ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য
  • আইটি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব
  • ক’ভিডসৃষ্ট পৰিৱেশত মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰভাৱত পৰিছে, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত দিয়া হ’ব বিশেষ গুৰুত্ব
  • উত্তৰ-পূৱৰ উন্নতিৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ গুৰুত্ব
  • দেশৰ জনতাৰ জীৱন শৈলীৰ উন্নীতকৰণৰ লগতে আন্তঃ গাঠনিৰ বিকাশত বিশেষ গুৰুত্ব
  • MSP ৰ জৰিয়তে দেশৰ কৃষকৰ শস্য ক্ৰয় কৰা হ’ব
  • 60 লাখ অতিৰিক্ত সংস্থাপনৰ চিন্তা
  • নগৰীয়া জীৱন-যাপন শৈলীৰ উন্নীতকৰণৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদানৰ লক্ষ্য
  • 1.5 লাখ ডাকঘৰৰ 100% মূল বেঙ্কিং প্ৰণালীত অন্তৰ্ভূক্ত হ’ব , যাৰ ফলত নেট বেঙ্কিং, ম'বাইল বেঙ্কিং, এটিএমৰ জৰিয়তে একাউন্টত access সম্ভৱ হ’ব
  • ডাকঘৰ একাউণ্ট আৰু বেংক একাউণ্টৰ মাজত অনলাইন পুঁজি স্থানান্তৰ সম্ভৱ হ’ব
  • ২০২২-২৩ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চিনাক্ত হিতাধিকাৰীসকলৰ বাবে ৮০ লাখ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব
  • গ্ৰাম্য আৰু নগৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী হিচাপে 60,000 ঘৰ চিনাক্ত কৰা হ'ব
  • ব্যক্তিগত টেলিকম সেৱা প্ৰদানকাৰী কোম্পেনীৰ দ্বাৰা ৫জি মোবাইল সেৱা আৰম্ভ কৰাৰ বাবে ২০২২ চনত প্ৰয়োজনীয় স্পেকট্ৰাম নিলাম অনুষ্ঠিত কৰা হ'ব
  • পৰ্যটনক্ষেত্ৰৰ প্ৰচাৰৰ উপৰিও সংযোগ উন্নত কৰাৰ লক্ষ্যৰে পিপিপি মোডত ৰাষ্ট্ৰীয় ৰোপৱে উন্নয়ন প্ৰগ্ৰেম গ্ৰহণ কৰা হ'ব
  • ব্লকচেইন ব্যৱহাৰ কৰি, 2023 চনত আৰবিআইয়ে মুকলি কৰিব ডিজিটেল টকা
  • কৰদাতাসকলে এতিয়া 2 বছৰৰ ভিতৰত আই-টি ৰিটাৰ্ণ আপডেট কৰিব পাৰে
  • কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কৰ কৰ্তনৰ সীমা 10% ৰ পৰা 14% লৈ বৃদ্ধি কৰা হ’ব
  • ভাৰ্চুৱেল ডিজিটেল সম্পদৰ পৰা উপাৰ্জনৰ ওপৰত 30% কৰ আৰোপ কৰা হ’ব
  • জানুৱাৰী 2022 মাহত মুঠ জিএছটি সংগ্ৰহ হৈছে 1,40,986 কোটি টকা, জিএছটি আৰম্ভ হোৱাৰ পিছত এয়াই সৰ্বাধিক কৰ সংগ্ৰহ
Last Updated : Feb 1, 2022, 12:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details