গুৱাহাটী, ১৬ মে: দেশৰ পঞ্চাশ শতাংশতকৈও অধিক চাহ উৎপাদনকাৰী ৰাজ্য হিচাবে পৰিচিত অসমৰ চাহ উদ্যোগলৈ আহিছে অশণি সংকেত । উল্লেখ নিস্প্ৰয়োজন যে শেহতীয়া সময়ছোৱাত হোৱা জলবায়ুৰ অভাবনীয় পৰিবৰ্তনে চাহ খেতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে (Assam tea industry facing crisis) । আবতৰীয়া বৰষুন আৰু খৰাঙৰ সন্তুলনহীন পৰিবেশে চাহৰ উৎপাদন ভাৰসাম্যহীন কৰি তোলাৰ বাতৰি ইতিমধ্যে নিয়মিতভাৱে প্ৰকাশ হৈ আছে । তাৰ সমান্তৰালভাবে শেহতীয়াকৈ চাহ উদ্যোগৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে অভাবনীয়ভাবে বৃদ্ধি পোৱা প্ৰাকৃতিক গেছৰ দামে (Assam tea industry struggling for survival) ।
এই সন্দৰ্ভত উত্তৰ পূৱ চাহ সংস্থাৰ অধ্যক্ষ কমল জালানে ই টিভি ভাৰতক জনোৱা মতে, প্ৰাকৃতিক গেছৰ সঘন আৰু অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাজ্যৰ চাহ উদ্যোগত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ জুলাই মাহৰ পৰা চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে এই দহ মাহত প্ৰাকৃতিক গেছৰ মূল্য প্ৰতি হাজাৰ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত ৫,০৮৫ টকাৰ পৰা বৃদ্ধি পাইছে ২১,১১৯.৫৭ টকা হৈছেগৈ । প্ৰতি ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত যোৱা দহটা মাহত প্ৰাকৃতিক গেছৰ মূল্য চাৰিগুণ পৰ্যন্ত বৃদ্ধি পালে । অধ্যক্ষ জালানৰ মতে, এনে পৰিস্থিতিত চাহৰ উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে ।
প্ৰতি কিলোগ্ৰাম চাহ (মে'ড টি) ৰ উৎপাদন ব্যয় ৬ টকাৰ পৰা ৮ টকা পৰ্য্যন্ত বৃদ্ধি পাইছে । কিয়নো চাহ ফেক্টৰীসমূহত ইন্ধন হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় আৰু চাহ উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে এই ইন্ধনৰ প্ৰয়োগ হয় । সংস্থাটোৰ আশংকা, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি উৎপাদিত চাহৰ মূল্য বৃদ্ধি কৰা নহয় তেন্তে ৰাজ্যৰ চাহ খণ্ড বৰ্তি থকাই টান হৈ পৰিব । সেয়ে চৰকাৰে প্ৰাকৃতিক গেছৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে উত্তৰ পূব চাহ সংস্থা (নেটা)ই ।