গুৱাহাটী, 25 জুলাইঃশুকুৰবাৰে গুৱাহাটীৰ মালিগাঁৱত তৃতীয় লিংগৰ মাজত সংঘটিত হৈছিল এই অনাকাংশিত ঘটনা। ইতিমধ্যে উক্ত ঘটনাৰ বাবে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যাণ বৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
উল্লেখ্য যে,লক ডাউন মাজতে বহিঃৰাজ্যৰ পৰা বহু কিন্নৰ আহি গুৱাহাটীত বাহৰ পাতি আছে । বহিঃৰাজ্যৰ পৰা অহা কিন্নৰ সকলে দীৰ্ঘ দিনৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠান,বাহন আদিৰ পৰা ধন সংগ্ৰহত নামি পৰিছিল । যাৰ বাবেই স্থানীয় কিন্নৰৰ লগত আৰম্ভ হৈছিল সংঘাত । এই সন্দৰ্ভত যোৱা প্ৰায় এমাহ পূৰ্বে ভৰলুমুখ আৰক্ষী থানাত স্থানীয় কিছু কিন্নৰে দাখিল কৰিছিল এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত 308/2020 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে যদিও কোনো ব্যৱস্থা আৰক্ষীয়ে লোৱা নাই বুলি অভিযোগ কৰে কল্যাণ বৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই । যাৰ পৰিপ্ৰেক্ষিততে এনে বিভৎস তথা লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে বুলি মন্তব্য কৰে ।
ইফালে এই ঘটনাৰ সবিশেষ প্ৰতিবেদন বিচাৰি অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ তৃতীয় লিংগ কল্যান বোৰ্ডে। বোৰ্ডৰ সহযোগী উপাধ্যক্ষা বিধান বৰুৱাই ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এই কথা। লগতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষী জগৰীয়া বুলি অভিযোগ কৰে ।