নতুন কৃষি আইনক দেশৰ কৃষকৰ বাবে অপমান আখ্যা ৰাহুল গান্ধীৰ
কৃষকৰ শক্তি সম্পৰ্কে মনত ভ্ৰান্ত ধাৰণা লৈ নাথাকিবলৈ চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ ৷ কৃষক সকলে সমগ্ৰ দেশৰ বাবে কাম কৰাৰ পাছতো আইন তেওঁলোকৰ বিপক্ষে বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷ বিৰোধী দল সমূহ কৃষক সকলৰ লগত আছে বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷
শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷
কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহৰ সোৱাদ বিচাৰি গ্ৰাহকৰ ভিৰ
কেঁচা জলকীয়াৰে তৈয়াৰী একাপ চাহ ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ শৰীৰ আৰু মন সতেজ কৰি তোলা এই জলকীয়া চাহ ৷ সাধাৰণতে কোনেও কল্পনা নকৰা এই চাহ তৈয়াৰ কৰি উলিয়াইছে এগৰাকী সাধাৰণ চাহৰ দোকানীয়ে ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ হোৱা এই চাহ কাপৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ ৷
পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক সোণজানত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক ৷ সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা অভিযুক্ত স্বামীৰ ৷ ঘটনা সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷
বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই
চিৰাঙত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ । 403 নম্বৰ নিলিবাৰী প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান ৷ চিৰাঙ জিলাৰ মুঠ 7 টা পৰিষদীয় সমষ্টিৰ 34 প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য ৷