গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...
অলিম্পিকত পদক লাভেৰে অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰা লাভলীনাক আদৰণি মুখ্যমন্ত্ৰীৰ ৷ বিয়লি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিব লাভলীনাই ৷
এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ
মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ নামভৰ্তিক লৈ হাহাকাৰ ৷ এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ বাবে নামভৰ্তিৰ আসনৰ অভাৱ হৈছে ৷ যাৰ ফলস্বৰূপে নামভৰ্তি নকৰাকৈ ঘৰলৈ উভতিবলগা হৈছে বহু শিক্ষাৰ্থী ৷
যোৰহাটত লাইনচ্যুত মালবাহী ৰে’ল
এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ ফলত বন্ধ হৈ পৰিছে তিতাবৰ-মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হৈছে ৰিকভাৰী বাহন ৷
বজাৰত ওলাইছে QR code যুক্ত ৰাখী
বজাৰত উপলব্ধ হৈছে QR code সম্মিলিত ৰাখী ৷ আগন্তুক ৰাখী পূৰ্ণিমা উপলক্ষে প্ৰস্তুত কৰি তোলা হৈছে ভাতৃ-ভগ্নীৰ মিলনৰ প্ৰতীক এই ৰাখী ৷
আজি বিশ্ব হস্তী দিৱস
2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷