অসম

assam

ETV Bharat / city

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - Top ten news at 1 PM

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Oct 27, 2020, 12:59 PM IST

স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ

চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট আৰু চীফ অৱ আৰ্মি ষ্টাফ জেন. মনোজ মুকুন্দ নাৰাৱানে স্থলসেনাৰ পদাতিক বাহিনী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদক শ্ৰদ্ধা অৰ্পন কৰে ৷ 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিচৰ প্ৰথমটো সামৰিক অভিযানৰ সোঁৱৰণত এই দিৱস পালন কৰা হয় ৷

হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ ঘটনা সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দান। আদালতৰ তদাৰকীত CBIৰ তদন্ত আৰু আইনী যুঁজ দিল্লীলৈ স্থানান্তৰিত কৰাক লৈ ৰায় দিব সৰ্বোচ্চ ন্যায়ালয়ে ।

আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

নতুন দিল্লীস্থিত সেনা মুখ্যালয়ত 26 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া স্থলসেনাৰ কামাণ্ডাৰ বৈঠকত আজি অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই বৈঠকত সেনাৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহ সন্দৰ্ভত আলোচনা কৰা হয় ৷

অন্ধ্ৰ প্ৰদেশত আবকাৰী বিভাগৰ দ্বাৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ

সোমবাৰে কোভুৰত আবকাৰী বিভাগৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এজন লৰী চালকক গ্ৰেপ্তাৰ কৰাৰ লগতে চালক জনৰ মালিককো কৰিলে গ্ৰেপ্তাৰ ৷ আৰক্ষীয়ে দুয়োজন লোকৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

হাথৰছ কাণ্ডক লৈ কোনে চলাইছে ৰাজনীতি ?

সমগ্ৰ দেশ কঁপাই যোৱা হাথৰছ কাণ্ডৰ ঘটনাক ৰাজনীতিকৰণ কৰাৰ প্ৰয়াসেৰে একাংশই উচতনিমূলক মন্তব্যৰে বিষয়টোক অন্য এক দিশলৈ নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশত ৷ যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে দায়িত্ব অৰ্পন কৰিছে ৰাজ্যৰ বিশেষ টাস্ক ফ'ৰ্চক ৷

মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ভাৰত আৰু আমেৰিকাই শেষৰখন গাঁথনিগত চুক্তি, জিঅ'-স্পাটিয়েল কৰ্পৰেশ্বনৰ বুনিয়াদী বিনিময় আৰু সহযোগী চুক্তিত স্বাক্ষৰ কৰিব ৷ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনাত এই চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে ৷ আলোচনাত অংশগ্ৰহণ কৰিব আমেৰিকাৰ গৃহ সচিব মাইক পম্পিঅ', প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

বিষয়া বাচনিৰ ক্ষেত্ৰত মৌলিক পৰীক্ষাৰ কোনো গুৰুত্ব নাইঃ ভাৰতীয় বায়ু সেনা

ভাৰতীয় বায়ু সেনাৰ কেন্দ্রীয় নিযুক্তি পৰীক্ষা, 2020 পৰিচালনাৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকে বুলি এক স্পষ্টিকৰণৰ জৰিয়তে জনালে বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে ৷

ন্যায়ালয়ত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ দৰে ব্যৱস্থাৰ আহ্বান উচ্চতম ন্য়ায়ালয়ৰ

নিজাকৈ গ্ৰহণ কৰা গোচৰৰ শুনানীত দেশৰ মহাধিবক্তা কে কে বেণুগোপালক "ফাইবাৰ অপ্তিকেল নেটৱৰ্ক"ৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বাবে NIC আৰু আইন মন্ত্ৰণালয়ৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে শীৰ্ষ আদালতে ৷ বিশেষকৈ উত্তৰ-পূৱ ভাৰতত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ সুবিধা নথকাৰ হেতু মুখ্য ন্যায়াধীশ গৰাকীয়ে এইক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহৰ সহায় ল'বলৈকো পৰামৰ্শ প্ৰদান কৰাৰ লগতে এই নেটৱৰ্কৰ বাবে ভাড়া দিয়া হ'ব বুলিও মন্তব্য আগবঢ়ালে ৷

শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং

ধেমাজিৰ এজন যুৱকে বগীবিল দলঙৰ তলত যাদৱ পায়েঙৰ প্ৰতিচ্ছবি অংকণ কৰিলে ৷ ইয়াৰ পাছতে বগীবিল দলঙত যাদৱ পায়েঙৰ অনুৰাগীৰ ভিৰ ৷

অন্তিম শয়নত ধৰ্মপুৰ সমষ্টিৰ প্ৰবীন বিজেপি নেতা আব্দুল চুভান

প্ৰবীন বিজেপি নেতা আব্দুল চুভানৰ শেষ নিশ্বাস ত্যাগ ৷ সোমবাৰে দুপৰীয়া প্ৰবীন বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক গৰাকীৰ জানাজা সম্পন্ন হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ ৷

ABOUT THE AUTHOR

...view details