হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ
"হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি " এইদৰে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক গণ মৰ্চাই অনুষ্ঠিত কৰা সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ( Anchalik Gana Morcha organize press conference ) ।
ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে
বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি বিজেপিয়ে পৌৰসভা নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে (BJP accused of withdrawing nomination by force) ৷ একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শাসকীয় দলৰ বিৰুদ্ধে ৷
২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান টিইউআইপিচিৰ
ৰাজ্য, কেন্দ্ৰ আৰু উগ্ৰপন্থী গোটৰ মাজত 'ত্ৰিপাক্ষিক চুক্তি'ৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে বিদ্ৰোহী সংগঠন টিইউআইপিচি আগন্তুক ২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে(24 hours Tripura bandh on Feb 25)।
Manipur Election 2022 : আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল
উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দেশজুৰি সমালোচনা কৰাৰ লগতে ঠায়ে ঠায়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ ইয়াৰ পাছতেই আজি মণিপুৰত একেলগে নিৰ্বাচনী প্ৰচাৰ চলাব দুয়োজন নেতাই ৷
আমতালীৰ বাইপাছ পথত ফেনচিডাইলৰ বটল জব্দ
দেওবাৰে ত্ৰিপুৰাৰ আমতালীৰ মহকুমা আৰক্ষী বিষয়া আশীষ দাসগুপ্তাৰ নেতৃত্বত চলা এক অভিযানত এটি দলে আমতালীৰ বাইপাছ পথৰ পৰা বৃহৎ পৰিমাণৰ ফেনচিডাইল কফ চিৰাপৰ বটল জব্দ কৰে (Tripura Police seized phensidyle worth over Rs 10 lakh ) ৷