অসম

assam

ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি - 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10  NEWS AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 23, 2021, 11:09 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি:

ৰাজ্যত অব্যাহত 'mega' ক'ভিড প্ৰতিষেধক অভিযান

ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ক'ভিড ভেকচিন (covid vaccination) প্ৰদানৰ কাৰ্যসূচী ৷ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী লোকে ল'লে ক'ভিড প্ৰতিষেধক। দ্বিতীয়া দিনা ভেকচিন ল'লে প্ৰায় আঢ়ৈ লাখ লোকে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,৫২,৭২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ২,৮৬৯ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে।

ধুবুৰীত জৰাজীৰ্ণ আৰক্ষী চকী পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে অসম পশ্চিমবংগ আৰু অসম বাংলাদেশ সীমান্তত স্থাপন কৰা হয় কেইবাখনো আৰক্ষী নিৰীক্ষণ চকী । উল্লেখযোগ্য যে, আৰক্ষী চকী স্থাপন কৰা হ'ল ঠিকেই কিন্তু দিয়া নহ’ল পৰ্যাপ্ত আৰক্ষীৰ নিযুক্তি । উক্ত আৰক্ষী চকীসমূহ আৰম্ভণিৰ পৰাই এজন বা দুজন আৰক্ষীয়ে চলাই আহিছে যদিও কেতিয়াবা এজনো আৰক্ষী নাথাকে আৰক্ষী চকী সমূহত ৷

মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই

মঙলবাৰে মাজুলীত উপস্থিত হয় বিদ্যুৎ বিভাগৰ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ৷ মাজুলীৰ কেইবাটাও ক’ভিড ভেকচিন প্ৰদান চেন্টাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ ক'ৰণা মহামাৰীৰ পৰিস্থিতি আৰু ভয়াভৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই । ইপিনে মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ বিভাগৰ সৰ্ম্পকেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয়, আগৰ সময় ছোৱাত বিদ্যুতৰ ক্ষেত্ৰত যি সমস্যা আছিল সেইয়া আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে ৷ লগতে মন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰ কৰি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় সাধাৰণ জনতাক ।

কলগাছিয়াত অব্যাহত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

কলগাছিয়া (Kalgasia)ৰ কাউৰজাহী-বলাইপথাৰত অব্যাহত আছে বেকী নৈ (Beki River) ৰ বিধ্বংসী গৰাখহনীয়া (Erosion) ৷ ইতিমধ্যে নৈ খনৰ খহনীয়াত বহু লোকে ঘৰ,মাটি-ভেটি হেৰুৱাই মঠাউৰিৰ ওপৰতে দুৰ্বিস জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ ৷

উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব । চিবিএছই আৰু আন আন ৰাজ্যৰ মূল্যায়ন পদ্ধতিৰ দৰে অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যায়ন । যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

বঙাইগাঁৱত ড্ৰাহছসহ দুজন সৰবৰাহকাৰীক আটক

এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে বঙাইগাঁও জিলা (Bongaigaon)ৰ বৰপাৰাত ড্ৰাগছ (Drugs)ৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত ড্ৰাহছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে বিকাশ ৰায় আৰু সুব্ৰত শৰ্মা ৷ দীৰ্ঘদিন ধৰি সৰবৰাহকাৰী কেইটাই বঙাইগাঁৱত চলাই গৈছিল ড্ৰাগছৰ বেহা ৷ দুয়োজনৰে পৰা 27 টা সন্দেহযুক্ত ড্ৰাগছৰ কন্টেনাৰ জব্দ (Seized) কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি দুয়োজনকে বঙাইগাঁও সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাবলৈ দিয়া UGC ৰ আদেশক সমালোচনা NSUIৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত বিনামূলীয়া টীকাকৰণৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী(NARENDRA MODI)ক ধন্যবাদ জনাই বেনাৰ লগাবলৈ নিৰ্দেশ দিয়াৰ পাচতে ইজিচি(UGC)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠে NSUI ৷ মঙলবাৰে প্ৰধান মন্ত্ৰীৰ এনে কাৰ্য নিৰ্লজ্জ কাৰ্য" বুলি অভিহিত কৰে ছাত্ৰ সংগঠনটোৱে ৷

জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ দল

2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 (ARTICLE 370) আৰু 35 A( ARTICLE 35 A) বাতিলৰ পাচত প্ৰথমবাৰৰ বাবে 24 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM MODI)য়ে আহ্বান কৰা সৰ্বদলীয় বৈঠক (ALL PARTY MEETING)ত অংশ গ্ৰহণ কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলে ৷

মেগা(mega) ভেকচিনেচনক লৈ তৎপৰ প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী

21 জুনৰ পৰা ৰাজ্যত আৰম্ভ হৈছে মেগা (mega) ভেকচিনেচন কাৰ্যসূচী ৷ এই কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনে প্ৰায় 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ৷ এই উপলক্ষে অভিভাৱক মন্ত্ৰী হিচাপে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী ৰনজিৎ দাস, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অতুল বৰাই নিজ নিজ জিলাৰ ভেকচিনেশ্যন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে ৷

শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

তিনিচুকীয়া জিলাৰ ধলা টাউনৰ কাষতে লাগি থকা বান্ধৰ মাজৰ কিছু অংশ একেবাৰে শোচনীয় হৈ পৰাত সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বান্ধটো নিৰ্মাণ কৰা আজি প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিকোপতি বান্ধটো মেৰামতি কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জলসম্পদ বিভাগে ৷

ABOUT THE AUTHOR

...view details