New SOP for Republic Day celebrations: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা
গণৰাজ্য দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন(National Flag Hoisting), সন্মানীয় অতিথিৰ ভাষণ(Speech by the Guest of Honour) আৰু আনুষ্ঠানিক পেৰেড(Ceremonial parade)ৰ মাজতে সীমাবদ্ধ থাকিব । সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা। পেৰেডত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জড়িত কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা । ৰাজ্যিক পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ১,০০০ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে জিলা পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০জনক আৰু অন্য পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ২০০জনক অনুমতি দিয়া হৈছে (New SOP for Republic Day celebrations) ।
অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয় : ভূপেন বৰা
কংগ্ৰেছৰ উদ্যোগত বিশেষ আলোচনা সভা (APCC interaction with civil society activities, Prominent intellectuals) । মেঘালয়ক নিজৰ খেয়ালখুচিত মাটি এৰি দিয়াৰ অসম চৰকাৰৰ সিদ্ধান্তক ধিক্কাৰ বুদ্ধিজীৱী, আইনজ্ঞ, লিখক সমাজৰ । অসম চৰকাৰৰ এই আত্মসমৰ্পণ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় ।
Rajya Sabha election: ৰাজ্যসভা নিৰ্বাচনে পুনৰ মিলন ঘটাব কংগ্ৰেছ-এ আই ইউ ডি এফৰ
ৰাজ্যসভাত বৰ্তমানে কংগ্ৰেছৰ হাতত থকা দুখন আসন আৰু এটা মাহৰ পিছতে খালি হ’ব ৷ বিৰোধী পক্ষই সমিলমিলেৰে যদি ইয়াৰে অন্ততঃ এখন আসনত নিজা প্ৰাৰ্থী জয়ী কৰাই পঠিয়াব খোজে, তেন্তে প্ৰয়োজন হ’ব ৪২ টা ভোটৰ, যিটো আজিৰ তাৰিখত বিৰোধীৰ হাতত আছে ৷ সেয়েহে এতিয়া পুনৰ পৰস্পৰে পৰস্পৰৰ ওচৰ চপাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু শতিকা প্ৰাচীন কংগ্ৰেছ দলৰ মাজত (Congress AIUDF alliance for Rajya Sabha election) ৷
কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলঙৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী (Weapons including explosives recovered) ৷ কাৰ্বি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কাৰ্বি আংলং ৷ দুই পাৰ্বত্য জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি অহাৰ সময়তে পুণৰ এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
Hearing on ward extension: গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি সম্পৰ্কত শুনানী গ্ৰহণ
গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত বিভিন্ন পক্ষৰ ওচৰ আপত্তিৰ শুনানী গ্ৰহণ কৰা হয় (Hearing on GMC plans to ward extention)। শুনানীত বি জে পি, কংগ্ৰেছ, অগপ, অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ লগতে মহানগৰীৰ বিভিন্ন উন্নয়ন সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে ।