Uruka Fish market at Kaliabor : পুৱতি নিশাৰে পৰা চুলুং বজাৰত মাছ বিচাৰি গ্ৰাহকৰ ভিৰ
আজি উৰুকা ৷ বছৰেকৰ বিহুটিত এসাঁজ লগে-ভাগে খোৱাৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে ৷ কলিয়াবৰৰ চুলুং বজাৰত পুৱতি নিশাৰে পৰা পছন্দৰ মাছ বিচাৰি ভিৰ কৰিছেহি গ্ৰাহকে ৷ বজাৰসমূহ ভৰি পৰিছে চিতল, ৰৌ, ভকুৱা আদি বিভিন্ন মাছেৰে (Uruka Fish market at Sulung Bazar Kaliabor) ৷
ভোগালীত মেজি নজ্বলা কেকেৰীকুছিৰ অভিশপ্ত ইতিহাস...
ৰাজ্যৰ চৌপাশে এতিয়া ভোগালীৰ উছাহ ৷ ভাগে ভাগে সকলো ব্যস্ত মেজি-ভেলাঘৰ সজাত আৰু চিৰা-পিঠা বনোৱাত ৷ সকলোৰে মনত অপাৰ আনন্দ(Bhogali Bihu celebration in Assam)৷ কিন্তু অসমৰ এখন গাঁৱৰ ৰাইজৰ মনত নাই ভোগালীৰ কোনো ৰং, কোনো আনন্দ ৷ বিগত 24 বছৰে ভোগালী বিহু আৰু উৰুকা পালন কৰা হোৱা নাই গাঁওখনত (People do not celebrate Bhogali Bihu in Kekerikuchi)৷ ভোগালী বিহু কেনেকৈ পালন কৰা হয় সেয়া স্বচক্ষে দেখা নাই এই গাঁওখনৰ শিশুবোৰেও ৷ ভোগালী মানে কেৱল চকুলোৰ বন্যা এওঁলোকৰ বাবে ৷ চাওক এক বিশেষ প্ৰতিবেদন ৷
Assam Government cabinet meeting: কি কি সিদ্ধান্ত ল’লে চৰকাৰে ?
জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Dispur) ৷ শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পৰা ধান ক্ৰয়লৈকে বহুক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । ১৯ জানুৱাৰীত পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ডিমা হাচাওত ৷ (Assam Government next cabinet meeting in Dima Hassao)৷
Covid cases increase in Guwahati:ক'ভিড পৰিস্থিতিক লৈ মহানগৰীত জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে (Covid cases increase in Guwahati)। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰত কঠোৰ নিৰ্দেশনা জাৰি কৰি প্ৰশাসনে । যোৱা ২৪ ঘণ্টাত গুৱাহাটীত ৮৭০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
সুপৰিকল্পিতভাৱে কংগ্ৰেছে ৰচিছিল প্ৰধানমন্ত্ৰীক আক্ৰমণৰ কৌশল : হিমন্ত বিশ্ব শৰ্মা
পঞ্জাৱত প্ৰধানমন্ত্ৰী মোডী প্ৰতিবাদৰ সন্মুখীন হোৱা ঘটনা সন্দৰ্ভত কংগ্ৰেছক দোষাৰোপ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma alleges Congress for PMs security breach) ৷ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কংগ্ৰেছ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰ উভয়ে মিলি কৰিছিল ৷