অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 4, 2020, 9:00 AM IST

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বাক্সা জিলাৰ মহৰিপাৰাৰ গান্ধীচকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গোৰেশ্বৰৰ মহৰিপাৰাৰ গান্ধীচকত 29 নং শুক্লাই শেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

লুৰিনৰ বিদায় বেলাত কি ক'লে সতীৰ্থসকলে ?

বিদায় বেলাত লুৰিনলৈ বিশেষ আহ্বান জনালে আছুৰ সতীৰ্থসকলে । এগৰাকী আপোচবিহীন আৰু বিচক্ষণ নেতা হিচাপে লুৰিনক অভিহিত কৰিলে সকলোৱে ৷

AGG আৰু GM জৰীপৰ শুভাৰম্ভণি অইল ইণ্ডিয়াৰ

বৃহস্পতিবাৰে এক নতুন জৰীপৰ শুভাৰম্ভণি অইল ইণ্ডিয়া লিমিটেডৰ ৷ ভূ-গৰ্ভস্থ গেদীয় গাঁঠনি তথা ভূমিৰ বিন্যাস সম্পৰ্কে তথ্য আহৰণৰ বাবে এই জৰীপ আৰম্ভ ৷ দুয়োটা জৰীপে প্ৰায় 21,000 কিলোমিটাৰ দূৰত্ব সামৰি ল’ব বুলি অইল ইণ্ডিয়াই সদৰি কৰে ৷

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টি-20 মেচত ভাৰতীয় দল

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টি-20 মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় দল ৷ কেনবেৰাৰ মেনুকা অ'ভেলত অনুষ্ঠিত হ'ব প্ৰথমখন টি-20 ৷

কাছাৰৰ বেৰেঙ্গাত বাহনৰ ওপৰত গছ পৰি থিতাতে নিহত দুই

কাছাৰ জিলাৰ বেৰেঙ্গাত মৰ্মান্তিক ঘটনা ৷ বাহনৰ ওপৰত গছ পৰি থিতাতে নিহত দুজন ৷ আনহাতে, গুৰুতৰভাৱে আহত আন তিনিজন ৷

পাঁচদিনীয়া ভ্ৰমণসূচীৰে 5 ডিচেম্বৰত অসমলৈ জীতেন্দ্ৰ সিং

5 ডিচেম্বৰৰ পৰা 9 ডিচেম্বৰলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে পাঁচ ডিচেম্বৰত অসমলৈ যাব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জীতেন্দ্ৰ সিং ৷

বোকাজানত ব্যৱসায়ীৰ হাতত প্ৰহৃত সাংবাদিক

অস্বাস্থ্যকৰ পৰিৱেশত যোগান ধৰা খাদ্যৰ এক বাতৰি পোহৰলৈ আনিবলৈ গৈ ব্যৱসায়ীৰ ৰোষত পৰে দুই সাংবাদিক ৷ কাৰ্বি আংলং জিলাৰ বােকাজানত বাতৰি সংগ্রহৰ বাবে যােৱা দুগৰাকী সাংবাদিকৰ ওপৰত অসাধু ব্যৱসায়ীচক্রই প্রাণঘাটী আক্রমণ সংঘটিত কৰে ৷

APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ

APDCL ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলে বৃহস্পতিবাৰে মহানগৰীত যৌথ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা ৷

পুনৰ পৰ্যটকৰ আগমণ ঘটিছে বিশ্বনাথৰ গুপ্তকাশীলৈ

কৰ'ণা মহামাৰীৰ বাবে সুদীৰ্ঘ ৭ মাহৰো অধিক সময় ধৰি বন্ধ হৈ থকাৰ পিছত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে বিশ্বনাথৰ গুপ্তকাশী । পুনৰ মুকলি কৰি দিয়াৰ পিছতে বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপলৈ আগমণ হৈছে পৰ্যটকৰ ।

লুৰিণজ্যোতি গগৈয়ে ৰাইজে আগবঢ়োৱা ৫ লক্ষাধিক টকা গতালে আছু নেতৃত্বক

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লুৰিণজ্যোতি গগৈৰ ৷ বিদায় বেলাত আছু নেতৃত্বক লুৰিণে 5 লক্ষাধিক টকা প্ৰদান ৷

ABOUT THE AUTHOR

...view details