অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

By

Published : Sep 29, 2020, 9:06 AM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান

অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী তথা দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা ছৈয়দা আনোৱাৰা টাইমূৰৰ দেহাৱসান ৷ সোমবাৰে অষ্ট্ৰেলিয়াস্থিত পুত্ৰৰ বাসগৃহত বাৰ্ঢক্যজনিত কাৰণত মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

আনুষ্ঠানিক স্বীকৃতি বিটিআৰলৈ

ইতিহাসত পৰিণত হ'ল বিটিচি ৷ বিটিচিৰ নতুন নাম হ'লগৈ বিটিআৰ ৷ বিটিচি চুক্তি কাৰ্যকৰী কৰাৰ সূত্ৰে এই নতুন নাম প্ৰযোজ্য কৰা হৈছে ৷ এবছুৰে সৈতে স্বাক্ষৰিত হৈছিল এই চুক্তি ৷

হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

বিগত এমাহত ভাৰতীয় স্থলসেনাত কৰ্ণেল আৰু লেফ. কৰ্ণেল পদবীত কৰ্মৰত হৈ থকা ছগৰাকী বিষয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ লক্ষণীয় কথাটো হৈছে এই আটাইকেইগৰাকী বিষয়া শাৰিৰীকভাৱে স্বাস্থ্যৱান আছিল আৰু তেওঁলোকৰ বয়স 40-54 বছৰৰ ভিতৰত আছিল ৷

আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

নিযুক্তি কেলেংকাৰীয়ে বাৰুকৈয়ে জোঁকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহন্তক এই গুৰু দায়িত্বভাৰ অৰ্পণ কৰে ।

ডিব্ৰুগড় আৰক্ষীৰ জালত দুই আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ

সোমবাৰে ডিব্ৰুগড়ৰ শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে ‘‘আদিবাসী টাইগাৰ ফ’ৰ্চ’’ৰ দুই কেডাৰ ৷ শীঘ্ৰেই সংগঠনটোৰ আন বহু সদস্য জালত পৰিব বুলি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ৷

লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

সোমবাৰে লামডিঙত উপস্থিত হৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পকী দলঙৰ সন্মুখত থকা বন বিভাগৰ সাহিত্য মনিষী উপবনখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ পৰিবেশ, বন, আবকাৰী আৰু মীন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷

1.17 কেজি সোণ সহ কন্নৌৰ বিমান বন্দৰত আটক এজন

কেৰেলাৰ কন্নৌৰ বিমান বন্দৰত সোমবাৰে বিমান সুৰক্ষাৰ বিশেষ অনুসন্ধানকাৰী সংস্থাই অভিযান চলাই এজন যাত্ৰীৰ পৰা ১.১৭ কেজি ওজনৰ সোণ জব্দ কৰিছে। জব্দকৃত সোণখিনিৰ মূল্য ৪৭.৬৩ লাখ বুলি অনুমান কৰা হৈছে ।

বঙাইগাঁও জিলাৰ ডুমেৰগুৰীত আই নদীত নিৰুদ্দেশ কৃষক

আই নদীত সলিল সমাধি বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ডুমেৰগুৰীৰ স্থায়ী বাসিন্দা আনছেৰ আলী (৪৫) ৷ সোমবাৰে পুৱা আনুমানিক 7.40 বজাত ঘৰৰ ওচৰতে থকা আই নৈৰ সিপাৰে নিজৰ এহাল গৰু চৰাবলৈ নৈ পাৰ হৈ যোৱাৰ সময়তে নদীত ডুব যায় ব্যক্তিজন ।

বি টি আৰ চুক্তিক লৈ সৰৱ বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম

বিটিআৰ চুক্তিৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিছে বিপিএফ দল ৷ সোমবাৰে বিটিএডিৰ পৰ্বতঝৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আয়োজিত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিপিএফ নেত্ৰী মুন মুন ব্ৰহ্ম ৷

অন্ধ্ৰপ্ৰদেশত আন্তঃৰাজ্যিক ডকাইতি চক্ৰৰে জড়িত ২১ জনক গ্ৰেপ্তাৰ

অন্ধ্ৰপ্ৰদেশৰ কাদাপা জিলাৰ আৰক্ষীয়ে এটা আন্তঃৰাজ্যিক ডকাইতি চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অঞ্চলটোত কিছুদিন পূৰ্বে সংঘটিত এক ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মুঠ ২১ জনীয়া এটা দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details