বিশ্ব গঁড় দিৱস ২০২০
প্ৰতি বছৰে ২২ ছেপ্টেম্বৰ তাৰিখটো বিশ্বৰ পাঁচোটা গঁড় প্ৰজাতিক সাঙুৰি গঁড় দিৱস হিচাপে উদযাপন কৰা হয় ৷ গঁড় সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানবোৰৰ বিষয়েও এই দিৱসত আলোকপাত কৰা হয় ৷
থানেৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি
মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি পৰি মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে 20 লোকক উদ্ধাৰ কৰা হৈছে ৷
২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা
২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা ৷ কিন্তু মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ এই নিয়মসমূহ মানিহে ভক্তৰ বাবে খোলা হ’ব কামাখ্যা ধাম ৷
বৰমাত ভয়ংকৰ অগ্নিকাণ্ড ; জুইত জাহ গ’ল দৈনিক বজাৰ
সোমবাৰে সন্ধিয়া বৰমাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডটোত বৰমাৰ দৈনিক বজাৰৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে জুইত জাহ যায় কেইবাখনো দোকান ৷
তীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক
তীব্ৰ বেগী বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত এজন পথচাৰী ৷ এখন টাটা এচি বাহনে পথচাৰী জনক মহতিয়াই নিয়ে ৷ নগাঁৱৰ কচুৱা মাধৱপাৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনা সংঘটিত কৰিয়ে বাহন খনৰ পলায়ন ৷