বাঘজানত স্থাপিত হ'ল বিশেষ BOP ৷ বিশেষভাৱে তৈয়াৰী BOPটো সফলতাৰে সংস্থাপন কৰা হয় ৷ 83 দিনৰ অন্তত বাঘজান তৈলক্ষেত্ৰৰ BGR-5ত BOP স্থাপনত সফল অইল কৰ্তৃপক্ষ ৷
2.COVID-১৯ : ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকী
ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰাজ্যত সোমবাৰে পুনৰ 2,792 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷ বৰ্তমানে সংক্ৰিয় ৰোগীৰ সংখ্যা 22,733 গৰাকীলৈ বৃদ্ধি ৷
3.পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান
ভাৰতীয় সাংস্কৃতিক জগতলৈ দুঃখবৰ ৷ 90 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী পণ্ডিত যশৰাজৰ ৷
4.চল চাই কঠিয়া পাৰিলে অভিনেতা যতীন বৰাই
ৰীল লাইফৰ পৰা ৰিয়েল লাইফটো দুৰ্দান্ত অভিনয় কৰিলে যতীন বৰাই ৷ দল ত্যাগৰ 7 মাহ নৌহওঁতেই পুনৰ এৰি যোৱা ঘৰলৈ বাট বুলিলে অভিনেতাগৰাকীয়ে ৷ 'কা' আন্দোলনৰ সময়ত লতাশিল খেলপথাৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসমৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়া যতীন বৰাই বিজেপি দলত যোগদান কৰে ৷
5.ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল
সংবাদমেলত আঠখন আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ ৬৩ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ লগতে প্ৰাক-প্ৰাথমিক জলপানী ৩০০০ টকাকৈ ২২৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়াৰ কথা জানিবলৈ দিয়ে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷