প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?
বিশিষ্ট ৰাজনৈতিক পৰামৰ্শবিদ প্ৰশান্ত কিশোৰে দিয়া পৰামৰ্শ চিন্তা চৰ্চা কৰি ইতিমধ্যে বিভিন্ন পৰিকল্পনাৰ বাবে সাজু হৈছে দলটো । কিশোৰে দিয়া পৰিকল্পনাৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ দলৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতেও বৈঠকৰ আহ্বান জনাইছিল । তাৰ পাছতে কংগ্ৰেছ কাৰ্যকৰী কমিটিৰ সদস্যৰ এটা গোটে বিষয়টো আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছে ।
ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?
পৰীক্ষা নপতাকৈ অৱশেষত ঘোষণা কৰা হ'ল বহু প্ৰতিক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ৱেবছাইটযোগে ফলাফল ঘোষণাৰ পিছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংসদৰ সচিব পুলক পাটগিৰিয়ে । সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৯৮.৯৯ শতাংশ।
পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত 2
জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাবাহিনীৰ সৈতে হোৱা গুলীচালনাত দুজন অচিনাক্ত সন্ত্ৰাসবাদী (unidentified militants ) নিহত হৈছে ৷ নিৰাপত্তা বাহিনীৰ বিশেষ তালাচী অভিযান(special search operation)ৰ ফলত হোৱা সংঘৰ্ষৰ পৰিণতিত এই ঘটনা সংঘটিত হয় ৷
ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ৷ AHSEC ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বাণিজ্যত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ ৷
লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক
লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত এখন সৰ্বদলীয়া বৈঠক অনুষ্ঠিত হয় ৷ উক্ত সভা খনত মিজোৰাম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে বিধায়ক সকলে ৷