শিৱসাগৰত আৰম্ভ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন
শিৱসাগৰ জিলাত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয় পৰিষদ দলৰ ৰাজনৈতিক অভিৱৰ্তন আৰম্ভ ৷ অভিৱৰ্তনত গঠন হ’বলগীয়া কাৰ্যনিৰ্বাহক সমিতিত সদৌ অসম ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সভাপতি অথবা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা ৷
চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু
চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ ২ নং চিকাঝোৰাত পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ চলিত মাহত জিলাখনত সংঘটিত এইটো চতুৰ্থটো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷
শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ
পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা । অসম চৰকাৰৰ সোপাঢিলা নীতিৰ বাবে পুনৰ সুযোগ ল'লে নাগালেণ্ড প্ৰশাসনে । শিৱসাগৰ প্ৰশাসনৰ চকুৰ সন্মুখতে অসমৰ ভূমিক নগালেণ্ডৰ বুলি দাবী নগা প্ৰশাসনৰ ।
ছম্বলত বাছ দুৰ্ঘটনাত নিহত 8
মোৰাদাবাদ আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত 8 গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত 25 জন লোক ৷
কৃষক বিদ্ৰোহ : আজি চিল্লা সীমান্তত পথ অৱৰোধ কৃষকৰ
আজি চিল্লা সীমান্তত পথ অৱৰোধ কৰিব প্ৰতিবাদী কৃষকে ৷ আজি 21 দিনত ভৰি দিলে কৃষকৰ প্ৰতিবাদে ৷