চতিয়াত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পদুলিত স্বাস্থ্যবিভাগৰ লোক
17 ছেপ্টেম্বৰৰ নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল শোণিতপুৰৰ জামুগুৰিহাটৰ প্ৰথম গৰাকী ক’ভিড-19 আক্ৰান্ত মাধৱ গাঁৱৰ যুব ব্যৱসায়ী হিৰণ্য শইকীয়া ৷ ক’ভিডত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তি গৰাকীৰ পদুলিত মঙলবাৰে উপস্থিত হয় জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ হৰেন শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল ৷
ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে প্ৰশাসনক যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ
বৰাকত কংগ্ৰেছৰ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ ৷ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংগঠনিক সভাত বাধা সৃষ্টিৰ অভিযোগ ৷
বিশ্ব গঁড় দিৱস ২০২০
প্ৰতি বছৰে ২২ ছেপ্টেম্বৰ তাৰিখটো বিশ্বৰ পাঁচোটা গঁড় প্ৰজাতিক সাঙুৰি গঁড় দিৱস হিচাপে উদযাপন কৰা হয় ৷ গঁড় সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানবোৰৰ বিষয়েও এই দিৱসত আলোকপাত কৰা হয় ৷
5 বছৰত 86,000 গৰাকীক বিদেশী ঘোষণা কৰা হৈছে অসমত
লোকসভাত অসমৰ বিদেশী সমস্যাক লৈ উত্থাপন হোৱা প্ৰসংগত বিগত 5 বছৰত অসমত 86,000গৰাকী লোকক বিদেশী ঘোষণা কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে ৷
বুদগাম এনকাউন্টাৰ : নিহত সন্ত্ৰাসবাদী, আহত সেনা জোৱান
জম্মু-কাশ্মীৰৰ বুদগামত এনকাউন্টাৰ ৷ মৃত এক অচিনাক্ত সন্ত্ৰাসবাদী ৷ আহত সেনা জোৱান ৷