অসম

assam

By

Published : Sep 2, 2020, 1:04 PM IST

ETV Bharat / city

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

সংবিধান দিৱসৰ প্ৰাকক্ষণত ডবকাত সংবিধানৰ প্ৰস্তাৱনা পাঠ

সংবিধান দিৱসৰ প্ৰাকক্ষণত ডবকাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিলে সাংবাদিকে। হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে পাঠ কৰালে সংবিধানৰ প্ৰস্তাৱনা ।

বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল

বন্ধ হোৱাৰ দিশে ৰাজ্যৰ দুটাকৈ কাগজ কল ৷ কাছাৰ আৰু নগাওঁ কাগজ কল দুটা পুনৰুজ্জীৱিত হ’ব নে চিৰদিনৰ বাবে বন্ধ হ’ব সেইয়া নিৰ্ভৰ কৰিব অহা 14 ছেপ্তেম্বৰৰ National Company Law Tribunalৰ শুনানিত ৷ যদি এই শুনানিত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইতিবাচক পৰিকল্পনা দাখিল নকৰে, তেন্তে সিদিনাৰ পৰাই বন্ধ হৈ পৰিব ৰাজ্যৰ দুটাকৈ গধুৰ উদ্যোগ ৷ এই শংকা ব্যক্ত কৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ Joint Action Committee of Recognise Union এ ৷

বিলাসীপাৰাত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশন

বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ বিলাসীপাৰা আৰু কোকৰাঝাৰ জিলা সমিতিয়ে ৷ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবী তেওঁলোকৰ ৷

জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগত মঙলবাৰে আলোচনাত মিলিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সুকীয়া সুকীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহ ৷

সুৰাৰ আড্ডাত ব্যস্ত ক’ভিড স্ক্ৰিনিং কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী

নগাঁৱৰ নেহেৰুবালী ক’ভিড ক্ৰিনিং কেন্দ্ৰত সুৰাৰ আড্ডাত ব্যস্ত দায়িত্বত থকা স্বাস্থ্যকৰ্মী ৷ কেন্দ্ৰটোৰ বাহিৰত একাংশ বহিঃৰাজ্যৰ পৰা অহা লোকে নিজৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ভিৰ কৰি থকা সময়তেই কেন্দ্ৰৰ ভিতৰতে সুৰাৰ আড্ডাত ব্যস্ত হৈ আছিল একাংশ স্বাস্থ্যকৰ্মী ৷

যৌতুকৰ বাবে ৰাজ্যত পুনৰ বোৱাৰী হত্যা

ৰাজ্যত পুনৰ বোৱাৰী হত্যা ৷ স্বামী আৰু দ্বিতীয়া পত্নীয়ে একত্ৰিত হৈ হত্যা কৰিলে প্ৰথমা পত্নীক ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়গুল এলেকাত ৷ আটক ঘাতক স্বামী ৷

বৰপেটাত পুনৰ আটক দুই ড্ৰাগছ ব্যৱাসায়ী

ৰাইজৰ খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই বৰপেটা কল’নীৰ পৰা আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে ছহিদুল হক আৰু ফয়জুৰ ৰহমানক ৷

বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ

বান বিধস্ত বিলাসীপাৰাত সাহাৰ্যৰ হাত আগবঢ়ালে সৰ্বভাৰতীয় সেচ্ছাসেৱী সংস্থা সেৱা ভাৰতে ৷ বান ক্ষতিগ্ৰস্ত 210 টা দৰিদ্ৰ পৰিয়াললৈ সামগ্ৰী বিতৰণ কৰে সেৱা ভাৰতে ৷

ব্যক্তিগতকৰণৰ বিৰুদ্ধে 8 ছেপ্টেম্বৰত দেশব্যাপী প্ৰতিবাদ ৰে'ল কৰ্মচাৰীৰ

ভাৰত চৰকাৰৰ ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিব ৰে'লৱে কৰ্মচাৰী পৰিষদে ৷ ইতিমধ্যে মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

অসমৰ ভূমিত অসমীয়াক প্ৰহাৰ অৰুণাচলীৰ

লখিমপুৰত ভয়ংকৰ পৰিস্থিতি । অসমীয়া লোকক প্ৰচণ্ড মাৰপিট অৰুণাচলী মহিলাৰ ৷ অসমতে যেন মান হেৰুওৱাৰ উপক্ৰম হৈছে অসমীয়াৰ ৷

ABOUT THE AUTHOR

...view details