গুৱাহাটী, ২৩ মাৰ্চ :অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ গামোচা (Gamucha, Most cherished textile of Assamese social life) । কিন্তু বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰত বহিঃৰাজ্যৰ গামোচাৰে উভয় নদী হৈ পৰাত থলুৱা শিপিনীৰ লগতে ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে (Threat to handloom weavers)। বহিঃৰাজ্যৰ গামোচাৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ব্যৱসায়ীসকলে । ফাঁচী বজাৰৰ গামোচা ব্যৱসায়ী ভাৰ্গৱ দেৱানে এই সন্দৰ্ভত কয় যে, বিহুৰ বজাৰ মাৰ্চৰ মাজভাগৰ পৰায়ে আৰম্ভ হয় । এইবাৰ বিহুৰ বজাৰ আৰম্ভ হৈছে যদিও গামোচাৰ বিক্ৰী ৮০% কমি গৈছে । কিয়নো বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বাবে থলুৱা গামোচাৰ বিক্ৰী কমিছে ।
বহিঃৰাজ্যৰ পৰা অহা গামোচাসমূহ ৩০ টকাৰ পৰায়ে উপলব্ধ হয় । কিন্তু থলুৱা গামোচাসমূহ প্ৰায় ৮০ টকাৰ পৰা উপলব্ধ হয় । সেয়ে গ্ৰাহকে কম মূল্যত পোৱা গামোচা ক্ৰয় কৰিবলৈ বেছি আগ্ৰহী হয় । যাৰ ফলত থলুৱা শিপিনী ব্যৱসায়ী সকলৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । তেওঁ লগতে কয় যে, পূৰ্বে থলুৱা গামোচাৰ বজাৰ যথেষ্ট ভাল আছিল যদিও বহিঃৰাজ্যৰ পৰা গামোচা বজাৰলৈ অহাৰ পিছৰে পৰা থলুৱা গামোচা বিক্ৰী কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো (Assam market filled with outside made Gamucha) । কিয়নো প্ৰতি বছৰে থলুৱা গামোচাৰ মূল্যবৃদ্ধি হৈ গৈ আছে । যোৱা বছৰৰ তুলনাত এইবাৰো গামোচাৰ মূল্য প্ৰায় ৩০% বৃদ্ধি হৈছে ।