গুৱাহাটী,8এপ্ৰিল: এজাক কণ কণ শিশুৰ কলৰৱ আৰু মনোমোহা অভিনয়ৰে দেওবাৰে সন্ধিয়া জীপাল হৈ উঠিল গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চ । দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ( NSD ) ৰ সহযোগত জিৰছং থিয়েটাৰে দেওবাৰে সন্ধিয়া কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নিবেদন কৰে এখন অনবদ্য শিশু নাট " টিকনী ৰজাৰ সাধু "।
গুৱহাটীত এজাক শিশু আৰু "টিকনি ৰজাৰ সাধু" - theatre
দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চষ্ঠ হ'ল দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত আৰু জিৰছং থিয়েটাৰৰ নিবেদনত "টিকনী ৰজাৰ সাধু" নামৰ এখন শিশু নাট ৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত জিৰছং থিয়েটাৰে প্ৰায় এমাহজুৰি শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল আৰু দেওবাৰে ইয়াৰ সফল সমাপ্তিত শিশুসকলৰ দ্বাৰা নাটখনি মঞ্চষ্ঠ কৰা হয় ৷
ৰবিজিতা গগৈৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা নাটখনত প্ৰাণ ঢালি অভিনয় কৰে প্ৰায় দুকুৰিৰো অধিক শিশুৱে । নাটখনৰ সংগীতৰ দায়িত্বত আছিল দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অহা এগৰাকী যুৱ প্ৰতিভাধৰ শিল্পী সুশীল শৰ্মা । অঞ্জন ভূঞাৰ ৰচনাৰে নাটখনৰ পৰিচালনাত সহায় কৰে কৈলাশ দাস আৰু হিমাংশু গগৈয়ে । উল্লেখ্য যে জিৰছং থিয়েটাৰে বিগত প্ৰায় এমাহজুৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত গুৱাহাটীত এক শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল । এই কৰ্মশালাত ভাগ লৈছিল প্ৰায় দুকুৰিৰো অধিক ভিন্ন বয়সৰ শিশুৱে । দেওবাৰে কৰ্মশালাৰ অন্তত এই শিশুসকলৰ দ্বাৰাই মঞ্চস্থ কৰা হয় " টিকনি ৰজাৰ সাধু " নামৰ নাটখন ।