অসম

assam

By

Published : Jun 14, 2019, 11:16 PM IST

ETV Bharat / city

গৃহভূমি পালেহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰদেহ

বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'লহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ,ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ শুকুৰবাৰে মৃত্যুমুখত পৰে চি আৰ পি এফ জোৱানজন

গৃহভূমি পালেহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰদেহ

গুৱাহাটী,১৪জুন: শুকুৰবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ ৷ যোৱা ২৮ মেত ঝাৰখণ্ডত মাওবাদীৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ অবশেষত যোৱা কালি সন্ধিয়া 7.45 বজাত জীৱন যুঁজত হাৰ মানিলে চি আৰ পি এফ জোৱান অসমৰ বীৰ সন্তান সুনীল কলিতাই ৷ 2011 বৰ্ষত CRPFত যোগদান কৰি 2016 বৰ্ষৰ পৰা 209 নং কোব্ৰা ৰেজিমেণ্টৰ জোৱান হিচাপে কৰ্মৰত আছিল সুনিল কলিতা ৷ কোব্ৰা হিচাবে যোগদান কৰাৰ পূৰ্বে সুনীল কলিতাই ২০১২ৰ পৰা ২০১৫ চনলৈ শ্ৰীনগৰত কৰ্মৰত আছিল। উল্লেখ্য যে,যোৱা ১০ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল শ্বহীদ সুনীল কলিতা।

গৃহভূমি পালেহি শ্বহীদ সুনীল কলিতাৰ নশ্বৰদেহ

বিমান বন্দৰ চৌহদত শ্বহীদ গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী লগতে আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়া সকলে। বিমান বান্দৰৰ পৰা পোনে-পোনে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় আমিনগাঁওস্থিত নাৰায়না চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ মৰ্গলৈ । শনিবাৰে ৰাতিপুৱাৰ ভাগত স্ব-গৃহলৈ লৈ যোৱা হ'ব শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ। স্ব-গৃহত সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব বীৰ শ্বহীদ গৰাকীৰ অন্তেষ্টিক্ৰিয়া।

ABOUT THE AUTHOR

...view details