অসম

assam

ETV Bharat / city

অসমত ইনাৰলাইন প্ৰৱৰ্তনক লৈ কেন্দ্ৰৰ হেমাহিত ক্ষুদ্ধ উচ্চতম ন্যায়ালয় - Assam Innerline permit

অসমত ইনাৰলাইন প্ৰৱৰ্তনক লৈ কেন্দ্ৰৰ হেমাহিত ক্ষুদ্ধ উচ্চতম ন্যায়ালয় । ইনাৰলাইন প্ৰৱৰ্তনৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে কেন্দ্ৰক পৰামৰ্শ ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে ৪ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে কেন্দ্ৰক ।

SC adjourns for 4 weeks pleas against denying Assam Innerline permit
উচ্চতম ন্যায়ালয়

By

Published : Sep 1, 2020, 11:59 AM IST

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ :অসমত ইনাৰলাইন পাৰ্মিট বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা জাননীক বিগত 3 মাহে অৱজ্ঞা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰৰ অকৰ্মণ্যতাত ক্ষুদ্ধ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় । সোমবাৰে ন্যায়ালয়ে জাৰি কৰা জাননীৰ উত্তৰ দিবলৈ কেন্দ্ৰক 4 সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । লগতে অসমত ইনাৰলাইন প্ৰৱৰ্তনৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈও কেন্দ্ৰক পৰামৰ্শ আগবঢ়ায় উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বাবড়ে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰাম সুব্ৰমনিয়ামৰ দ্বাৰা গঠিত বিচাৰপীঠে অসমত ইনাৰলাইন প্ৰৱৰ্তন বিষয়ক দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিয়ে ।

কেন্দ্ৰীয় চৰকাৰে ইনাৰলাইন প্ৰৱৰ্তন সন্দৰ্ভত আন কিছুমান গুৰুত্বপূৰ্ণ বিষয়ো বিবেচনা কৰিবলগীয়া হৈছে বুলি কৈ সোমবাৰে শুনানি স্থগিত ৰাখিবলৈ আহ্বান জনায় এটৰ্ণী জেনেৰেল বেণুগোপালে । এটৰ্ণী জেনেৰেলৰ ভাষ্যৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি 3 জনীয়া বিচাৰপীঠে অসমত ইনাৰলাইন প্ৰৱৰ্তনৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে কেন্দ্ৰক পৰামৰ্শ দিয়ে । লগতে 4 সপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব বুলি সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । উল্লেখ্য যে, সদৌ অসম টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা ফেব্ৰুৱাৰী মাহত ইনাৰলাইন পাৰ্মিট বিষয়ক দুখন আবেদন দাখিল কৰিছিল । যোৱা জুন মাহত সংগঠন দুটাই পৃথকে পৃথকে জনোৱা এই আবেদনৰ শুনানিত কেন্দ্ৰীয় চৰকাৰলৈ এই সন্দৰ্ভত উত্তৰ বিচাৰি ন্যায়ালয়ে জাননী জাৰি কৰিছিল । যোৱা ১১ আগষ্টত হোৱা শুনানিতো দায়িত্বহীনতাৰ পৰিচয় দি কেন্দ্ৰই জাননীৰ উত্তৰ নিদিলে । কেন্দ্ৰীয় চৰকাৰক হেমাহিত ক্ষুণ্ণ হৈ জাননীৰ উত্তৰ দিবলৈ কেন্দ্ৰক 2 সপ্তাহৰ সময়সীমা বান্ধি দিছিল ন্যায়ালয়ে । বাৰে বাৰে ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা কৰাৰ পিছত সোমবাৰে পুনৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বাবড়েৰ নেতৃত্বত গঠিত 3 জনীয়া বিচাৰপীঠে কেন্দ্ৰক 4 সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক :আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

For All Latest Updates

ABOUT THE AUTHOR

...view details