নিউজ ডেস্ক, ২৫ আগষ্ট:বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক বৃহস্পতিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal visit J P Nadda) । নাড্ডাৰ নতুন দিল্লীস্থিত বাসভৱনত হোৱা এই সাক্ষাৎকালত দলৰ বিভিন্ন সাংগঠনিক বিষয় আলোচিত হয় । দলৰ দায়িত্ব আৰু কাম-কাজ সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালক যাৱতীয় দিহা-পৰামৰ্শ আগবঢ়ায় জে পি নাড্ডাই(BJP National President J P Nadda) ।
এই সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ মাৰ্গদৰ্শনমৰ্মে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশমাতৃ তথা দলৰ সেৱাত সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰি যাবলৈ দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে ।