গুৱাহাটী, ২৫ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি পথ সুৰক্ষাৰ সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । তথাপিও ৰাজ্যত দৈনিক গড়ে ২১ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । পথ দুৰ্ঘটনাত ৰাজ্যত দৈনিক গড়ে চাৰিজন লোকৰ মৃত্যু হয় । একপ্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হৈছে ৰাজ্যৰ ঘাইপথসমূহ । বিগত চাৰি বছৰত ৰাজ্যখনত সংঘটিত হৈছে ৩০,৩৫৮টা পথ দুর্ঘটনা (Road accident statistics in Assam)। অর্থাৎ ৰাজ্যখনত দৈনিক গড়ে ২১টাকৈ পথ দুর্ঘটনা সংঘটিত হৈ আহিছে ।
ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে(Ministry of Road Transport & Highway) প্ৰকাশ কৰা বিস্তৃত তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যখনত ৭১৭০ টা, ২০১৮ চনত ৮২৪৮ টা, ২০১৯ চনত ৮৩৫০ টা আৰু ২০২০ চনত ৬৫৯০ টা পথ দুর্ঘটনা সংঘটিত হৈছে । আনহাতে বিগত তিনি বছৰত ৰাজ্যখনত পথ দুর্ঘটনাত নিহত হৈছে ৪,৬৯৫জন লোক । অথাৎ দৈনিক ৰাজ্যখনত পথ দুর্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা হৈছে চাৰিজন ।
লগতে পঢ়ক:Bangladesh ferry tragedy: বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড, ৪১ জনৰ মৃত্যু