অসম

assam

By

Published : Mar 14, 2020, 5:05 PM IST

ETV Bharat / city

ৰাজ্যসভা নিৰ্বাচনত হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা

ৰাজ্যসভাৰ তৃতীয়খন আসনত আন এগৰাকী প্ৰাৰ্থী থিয় কৰোৱাই হৰ্চ ট্ৰেডিঙৰ পৰিকল্পনা কৰিছিল বিজেপিয়ে ৷ কিন্তু কোনো এজনো কংগ্ৰেছ বিধায়কক হাত কৰিব নোৱাৰিলে বিজেপিয়ে ৷ এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ।

হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা
হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা

গুৱাহাটী, ১৪ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে পুৰামাত্ৰাই চেষ্টা চলাইছিল হৰ্চ ট্ৰেডিঙৰ । কিন্তু নোৱাৰিলে । তৃতীয় আসনখনত আন এগৰাকী প্ৰাৰ্থী থিয় কৰোৱাই হৰ্চ ট্ৰেডিঙৰ পৰিকল্পনা কৰিছিল যদিও কোনো এজনো কংগ্ৰেছ বিধায়কক হাত কৰিব নোৱাৰি অৱশেষত বিজেপি থমকি ৰ'বলগীয়া হ'ল ।

হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা

এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । একমাত্ৰ কংগ্ৰেছ বিধায়কসকলে বিজেপিৰ এনে কু-পৰিকল্পনাত সহযোগ নকৰাৰ বাবেই এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে হৰ্চ ট্ৰেডিঙৰ পৰিকল্পনা কৰিও থমকি ৰ'বলগীয়া হ'ল বুলি বৰাই মন্তব্য কৰে । আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই বুলিও কয় যে, নিজৰ পক্ষলৈ নিবলৈ দুই এক কংগ্ৰেছ বিধায়কৰ ঘৰৰ দুৱাৰতো তেওঁলোকে টুকুৰিয়াইছিল যদিও কংগ্ৰেছী বিধায়কসকলে তেওঁলোকক খেদি পঠিয়াই ।

ABOUT THE AUTHOR

...view details