গুৱাহাটী, ২ মে' : অসম বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দ্বায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৰিপুণ বৰাই । এই সন্দৰ্ভত তেখেতে নিজৰ পদত্যাগ পত্ৰ দেওবাৰে বিয়লি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা পদত্যাগ ৰিপুণ বৰাৰ - অসম বিধানসভা নিৰ্বাচন
ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ হাতত পৰাজয় বৰণ কৰে। পৰাজয়ৰ দ্বায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদ ত্যাগ কৰে ৰিপুণ বৰাই।
ৰিপুণ বৰাৰ
উল্লেখ্য যে, ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ হাতত পৰাজয় বৰণ কৰে । এই পৰাজয়ক সহজভাৱে ল'ব পৰা নাই ৰিপুন বৰাই । যাৰ বাবে সভাপতি পদৰ পৰা পদত্যাগ কৰে ৰিপুণ বৰাই ৷ ৰিপুণ বৰাক 29,001 টা ভোটত বিজেপি প্ৰাৰ্থী উৎপল বৰাই পৰাস্ত কৰে ৷ বিজেপি প্ৰাৰ্থী উৎপল বৰাই 91,901 টা ভোট লাভ কৰাৰ বিপৰীতে ৰিপুণ বৰাই লাভ কৰে 62,900 টা ভোট ৷
অন্য এক খবৰৰ বাবে: বিজয়ৰ মুকুট পিন্ধিবলৈ সাজু দিশপুৰৰ বিধায়ক অতুল বৰা