ৰঙিয়া, 2 জুন :ৰাজ্য কঁপাই যোৱা হোজাই জিলাৰ লংকাৰ ফুলতলি হাস্পতালত এগৰাকী কৰ্তব্যৰত চিকিৎসকক মাৰপিট কৰাৰ প্ৰতিবাদত ৰঙিয়াৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ডাঃ সেউজ সেনাপতি নামৰ চিকিৎসক গৰাকী একাংশ উন্মত্ত লোকৰ জীঘাংসাৰ বলি হোৱা উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰঙিয়া মডেল হাস্পতালৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলে ।
বুধবাৰে দিনৰ ভাগত চিকিৎসালয় খনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে মডেল হাস্পতালৰ চিকিৎসকসকলে ৷ হাস্পতালৰ তত্বাৱধায়ক ডাঃ নৱনীতা বৰাৰ নেতৃত্বত সমূহ স্বাস্থ্যসেৱা কৰ্মী সমবেত হৈ ক’লা বেজ পৰিধানেৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ।