গুৱাহাটী, 18 অক্টোবৰ :ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ. এফ. নৰিমান আৰু এছ. এ. ববৰেৰ বিচাৰপীঠে শুকুৰবাৰে এই নিৰ্দেশ প্ৰদান কৰে । হাজেলাৰ এই বদলিক 'ইন্টাৰ কেডাৰ ট্ৰেঞ্চফাৰ' বুলি উল্লেখ কৰিছে তিনিজনীয়া বিচাৰপীঠৰ দলে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাবে কাৰ্যকৰী কৰাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ।
প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকিঃ তাৎক্ষণিক বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - supreme court and prateek hajela's transfer news
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ. এফ. নৰিমান আৰু এছ. এ. ববৰেৰ বিচাৰপীঠে শুকুৰবাৰে এই নিৰ্দেশ প্ৰদান কৰে ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা
উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পূৰ্বৰে পৰা হাজেলাৰ ভূমিকাক লৈ শাসকীয় বিজেপি দল আৰু কেইবাটাও সংগঠনে প্ৰশ্ন উত্থাপন কৰি আহিছিল ৷ ইয়াৰোপৰি, চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতো হাজেলাৰ বিৰুদ্ধে দুটাকৈ গোচৰ পঞ্জীয়ন হৈছিল । এনেক্ষেত্ৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে হাজেলাৰ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ ঘটনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।
1995 চনৰ অসম-মেঘালয়ৰ আই. এ. এছ. বিষয়া আছিল প্ৰতীক হাজেলা ৷
Last Updated : Oct 18, 2019, 1:20 PM IST
TAGGED:
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ