বাইহাটা, 5 মে': ফেণীৰ ফলত বিগত কেইবাদিনো ধৰি বাইহাটা চাৰিআলিৰ তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে পুৰী জগন্নাথত৷ উল্লেখ্য যে, বুধবাৰে ষাঠীৰ উৰ্ধৰ বসন্ত দাস নামৰ এগৰাকী ব্যক্তি খাৰুপেটীয়াৰ বুলবুল দাসৰ সৈতে পুৰীত তীৰ্থ ভ্ৰমণলৈ গৈছিল । কিন্তু হঠাৎ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে লোককেইজনৰ । যোগাযোগৰ বাবে বহুবাৰ চেষ্টা কৰাৰ পিচতো সফল হোৱা নাই পৰিয়ালবৰ্গ ৷
পুৰী জগন্নাথত আৱদ্ধ বাইহাটা চাৰিআলিৰ তীৰ্থযাত্ৰী - খাৰুপেটীয়াৰ বুলবুল দাস
বুধবাৰে ষাঠীৰ উৰ্ধৰ বসন্ত দাস নামৰ এগৰাকী ব্যক্তি খাৰুপেটীয়াৰ বুলবুল দাসৰ সৈতে পুৰীত তীৰ্থ ভ্ৰমণলৈ গৈছিল । কিন্তু হঠাৎ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে লোককেইজনৰ
পুৰী জগন্নাথত আৱদ্ধ বাইহাটা চাৰিআলিৰ তীৰ্থযাত্ৰী
তাৰোপৰি উৰিষ্যা চৰকাৰৰ লগতে অসম চৰকাৰৰৰ পৰাও কোনোধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে বসন্ত দাসৰ পৰিয়ালে । সংবাদ মাধ্যমৰ জৰিয়তেই অতি শীঘ্ৰে ওড়িশাত আৱদ্ধ বসন্ত দাসৰ লগতে খাৰুপেটীয়াৰ বুলবলু দাসক উদ্ধাৰৰ দাবী কৰে ভুক্তভূগী পৰিয়ালটোৱে ৷