গুৱাহাটী, ২৩ ছেপ্টেম্বৰ:বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা দেশজুৰি চলিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷
ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা শতাধিক PFIৰ নেতা-সদস্য গ্ৰেপ্তাৰ কৰিছে ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷
অসমৰো কেইবাখনো জিলাত পুৱাৰ পৰাই সংস্থা দুটাৰ বিষয়াই অভিযান চলাইছে (NIA raids against PFI in Assam) ৷ নগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জ আদি কেইবাটাও স্থান চলিছে অভিযান ৷