অসম

assam

ETV Bharat / city

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' - Death of Parag Kumar Das

'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২২' (Parag Kumar Das journalism award ) প্ৰদান বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক । পৰাগ দাসৰ মৃত্যুক অসমীয়া জাতীয় জীৱনৰ লগতে সাংবাদিকতাৰ বাবে এক বৃহৎ ক্ষতি আখ্যা দি এই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে আৰু যোৱা ২৬ বছৰে এই ক্ষতি পূৰণ হোৱা নাই বুলি মন্তব্য প্ৰশান্ত ৰাজগুৰুৰ ।

parag-kumar-das-journalism-award-to-renown-journalist-prashanta-rajguru
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

By

Published : May 17, 2022, 6:05 PM IST

গুৱাহাটী, ১৭ মে’ : ১৯৯৬ চনৰ ১৭ মে'ত ঘাতকৰ গুলীত প্ৰাণ হেৰুৱা সংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যু দিৱস (Death anniversary of Parag Kumar Das)। প্ৰতিবছৰৰ দৰে এইবাৰো পৰাগ কুমাৰ দাসৰ মৃত্যু (Death of Parag Kumar Das) দিৱসতে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২২' প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখন ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা আৰু নগদ ২৫ হাজাৰ টকা । বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয়, '' পৰাগ দাসৰ নামৰ লগত জড়িত বঁটাতো পাই মই গৌৰৱান্বিত । তেওঁক যদি আমি সকলোৱে মিলি বঁটা এটা দিব পাৰিলোহেঁতেন, বেছি ভাল হ’লহেঁতেন ৷ কিন্তু তেওঁ সেইবিলাকলৈ ৰৈ নাথাকিল ৷''

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

তেওঁ পুনৰ কয় যে, পৰাগ দাসৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ লগতে সাংবাদিকতাৰ বাবে এক বৃহৎ ক্ষতি । এই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে, যোৱা ২৬ বছৰে এই ক্ষতি পূৰণ হোৱা নাই ।

যিয়ে তেওঁক নিকট অৱস্থাৰ পৰা পাইছে সেইজনে কেতিয়াও পৰাগ দাসৰ কৰ্মৰাজি পাহৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৰাজগুৰুৱে । ইয়াৰ লগতে তেওঁ কয়, ''মোক যি সময়ত এই বঁটা প্ৰদান কৰা হৈছে, সেই সময়ত দেশজুৰি সাংবাদিকে ডাঙৰ সংকটৰ সন্মুখীন হৈছে । এই সংকট বিশ্বাস যোগ্যতাৰ ৷ বিশ্বাস যোগ্যতাৰ সংকটৰ পৰা মুক্ত হ’বৰ বাবে যিসকল সাংবাদিকে নিষ্ঠাৰে কাম কৰি আছে তেওঁলোকো এই বঁটাৰ অংশীদাৰ ৷ ''

লগতে পঢ়ক :লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details