অসম

assam

By

Published : Oct 1, 2019, 11:24 PM IST

ETV Bharat / city

এইবাৰ প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰিলে ৰাইজে

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ ৷ প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই চতিয়াত প্ৰতিবাদ কৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে ৷ লগতে বকোতো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ

চতিয়া, বকো, ১ অক্টোবৰঃ এনআৰচি চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছৰে পৰা ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ এনআৰচিৰ পুণৰীক্ষণ প্ৰক্ৰিয়াত সম্পূৰ্ণ নথি-পত্ৰ দিয়াৰ পিছতো বিসংগতিপূৰ্ণ এখন চূড়ান্ত তালিকা প্ৰকাশ কৰা বুলি অভিযোগ তুলি প্ৰতীক হাজেলাৰ বিৰুদ্ধে মঙলবাৰে চতিয়াৰ ধলাইবিলত প্ৰতিবাদমুখৰ হৈ পৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ লগতে স্থানীয় জনসাধাৰণ ৷

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ

প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী ৰাইজে হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰি সদগতি কামনা কৰে ৷ ইয়াৰ পাচতে ধলাইবিল আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ অঞ্চলটোৰ ধলাইবিল আৰু ন-বিল গাঁৱৰ লোকসকলৰ একেখন লিগেচি ডাটা তালিকা ব্যৱহাৰ কৰাৰ পিছতো সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিছে ৷

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ

ইপিনে বকোতো এনআৰচিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি গোৰ্খা সম্প্ৰদায়ৰ । গোৰ্খা লোকসকলৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ABOUT THE AUTHOR

...view details