অসম

assam

ETV Bharat / city

হৃদৰোগত আক্ৰান্ত হৈ বিশিষ্ট গল্পকাৰ, সাহিত্যিক, সমাজকৰ্মী ৰবীন গোহাঁইৰ দেহাৱসান - হৃদৰোগত আক্ৰান্ত হৈ ৰবীন গোহাঁইৰ মৃত্যু

এটা দুঃখবৰ । ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পকাৰ, সাহিত্য সংস্কৃতিৰ আজীৱন সাধক তথা সমাজকৰ্মী ৰবীন গোহাঁই হৃদৰোগত আক্ৰান্ত হৈ এখন ব্যক্তিগত হাস্পতালত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে (Noted Assamese Writer Robin Gohain Passes Away) ।

noted-assamese-writer-robin-gohain-passes-away
হৃদৰোগত আক্ৰান্ত হৈ বিশিষ্ট গল্পকাৰ, সাহিত্যিক, সমাজকৰ্মী ৰবীন গোহাঁইৰ দেহাৱসান

By

Published : May 7, 2022, 9:00 PM IST

গুৱাহাটী, 7 মে’: ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পকাৰ, সাহিত্য সংস্কৃতিৰ আজীৱন সাধক তথা সমাজকৰ্মী ৰবীন গোহাঁইয়ে হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে (Noted Assamese Writer Robin Gohain Passes Away) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ । প্ৰয়াত গোহাঁইৰ দেহাৱসানৰ খবৰে তেওঁৰ অলেখ বন্ধু- বান্ধৱ, সহকৰ্মী তথা পৰিয়ালৰ মাজত শোকৰ ছাঁ পেলাইছে ।

ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ প্ৰয়াত মহেন্দ্ৰ নাথ গোহাঁইৰ দ্বিতীয় পুত্ৰ তথা বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁইৰ এগৰাকী জ্যেষ্ঠ ভাতৃ ৰবীন গোহাঁই এগৰাকী অতি মেধাৱী আৰু অধ্যয়নপুষ্ট আছিল ৷ বিগত শতিকাৰ পঞ্চাছৰ দশকত গণ নাট্য আন্দোলনত আৰু ষাঠিৰ দশকত ভূপেন হাজৰিকাৰ সম্পাদনাত 'আমাৰ প্ৰতিনিধি'ত,আৰু সত্তৰ দশকত 'সাপ্তাহিক নীলাচল'ত জড়িত আছিল তেখেত।

এটা সম‌য়ত 'ৰামধেনু'ত গল্প লিখি বৌদ্ধিক মহলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত গোহাঁই । সাহিত্য সংস্কৃতিৰ সাধনা আৰু সমাজ সেৱাৰ সমান্তৰালকৈ গোহাঁইয়ে ব্যৱসায়-বাণিজ্যতো নিজকে নিয়োজিত কৰি স্বাভিমানী চেতনাৰ পৰিচয় দিছিল। তেনে কামকাজেৰে তেওঁ অগ্ৰজ- অনুজ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল ।

বন্ধুবৎসল,পৰোপকাৰী চৰিত্ৰৰ ৰবীন গোহাঁই আত্মীয়-স্বজন, বন্ধুমহল আৰু বেলতলাৰ চুবুৰীয়া সকলৰ মাজত জনপ্ৰিয় আছিল । কোনো উচ্চাকাংক্ষা নোহোৱাকৈ চিৰকুমাৰ হৈ জীৱন পাৰ কৰা ৰবীন গোহাঁইৰ নিৰুবিগ্ন জীৱন আছিল বহুজনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ । মহানগৰীৰ বেলতলাৰ বাসিন্দা প্ৰয়াত গোহাঁইয়ে দেহাৱসানৰ সম‌য়ত ড০ হীৰেণ গোহাঁইকে ধৰি দুজন ভ্ৰাতৃ, এগৰাকী বাইদেউ আৰু কেবাগৰাকীও ভাগিন-ভতিজা এৰি থৈ যায়।

লগতে পঢ়ক :আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?

ABOUT THE AUTHOR

...view details