অসম

assam

ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news@5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jun 5, 2022, 4:56 PM IST

World Environment Day: ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন

আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানত পালন কৰা হৈছে পৰিৱেশ দিৱস (World environment day celebrated in Assam) ৷ কলিয়াবৰত 'শ্যামলী কলিয়বৰ' শীৰ্ষক গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা চিআৰপিএফৰ গাড়ী চালকে চুৰি কৰিলে মিউজিক চিষ্টেম

মুখ্যমন্ত্ৰীৰ বাহনৰ পৰাই চোৰে উঠাই নিলে মিউজিক চিষ্টেম (Thief in CMs escort car) ৷ মিনিষ্টাৰ কলনীত সংঘটিত হ’ল এই ঘটনা ৷ চুৰিকাণ্ড সংঘটিত সষ্টম হৈ পৰে আৰক্ষী ৷ এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে চুৰিকাণ্ডৰ লগত জড়িত এজনক ৷

Kokrajhar firing incident: ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক

কোকৰাঝাৰ গুলীচালনা ঘটনাত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে (Two detained on Kokrajhar firing case)। এজন কেএলঅ'ৰ (KLO) সদস্য বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । সম্প্ৰতি যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । শনিবাৰে নিশা দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল এজন ব্যৱসায়ী ।

PPE Kit scam: অসমৰ পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

শেহতীয়াকৈ সৰ্বত্ৰে তোলপাৰ লগোৱা অসমৰ পিপিই কীট কেংলেকাৰীৰ তদন্ত বিচাৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মণীষ ছিছোদিয়াই ৷ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানী, ল'ৰাৰ কোম্পানীৰ প্ৰসংগতো বিস্ফোৰক মন্তব্য দিল্লীৰ উপ-মুখ্য়মন্ত্ৰীগৰাকীৰ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত IPS বিষয়া ড৹ কিৰণ বেদীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এটা দিন পাৰ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া ড° কিৰণ বেদীয়ে ৷ বিশ্ববিদ্যালয়ত On grooming leadership' বিষয়ত ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে (Kiran Bedi interacts with student) ৷

Political violence in Karbi Anglong : নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ কাৰ্যালয়

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি দিন বাকী । তেনে সময়তে বোকাজানৰ বালিপথাৰত বিজেপিৰ কাৰ্যালয় নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে (Miscreants burn BJP office in Karbi Anglong)। ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তক সকীয়নি বিধায়ক নোমল মমিনৰ ।

মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ: আশাত চেঁচা পানী পৰিব নেকি অগপৰ !

শনিবাৰে নগাঁৱৰ কলিয়াবৰত অগপ দলে অনুষ্ঠিত কৰে 'বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা' (Enhanced Executive Meeting of AGP in Kaliabor)। এই সভাতে কংগ্ৰেছ দলৰ বহু কৰ্মীয়ে যোগদান কৰে অগপত । দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে অগপই গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অগপৰ জ্যেষ্ঠ নেতাসকলৰ ।

গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰাও নিলম্বন উপ পৰিদৰ্শক জোনমণি ৰাভাক

SI জোনমণি ৰাভাক নিলম্বন (Suspension of SI Junmoni Rabha)। প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত আছিল জোনমণি ৰাভা । মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাক । তাৰ পিছতেই নগাঁও আৰক্ষীয়ে নিলম্বন কৰিছে জোনমণি ৰাভাক ।

বিজেপিৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ আৰক্ষী অধীক্ষকৰ : জাঙুৰ খাই উঠিল CPIM

ত্ৰিপুৰা আৰক্ষীৰ আজৱ কাণ্ড । আৰ এছ এছৰ মহিলাক প্ৰশিক্ষণ দিবলৈ পশ্চিম ত্ৰিপুৰা আৰক্ষীয়ে প্ৰেৰণ কৰিলে কনিষ্টবলক (Tripura police constable instructed to train RSS women)। বিজেপিৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে । মুখ্য সচিবলৈ চিপিআই (এম) দলে পত্ৰযোগে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

PPE Kit controversy: দুই মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ টুইটযুদ্ধ তুংগত

"মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে । ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু PPE Kit দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ ? "

ABOUT THE AUTHOR

...view details