অসম

assam

ETV Bharat / city

ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা - বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অৱসৰ গ্ৰহণ

ৰাজ্যৰ নতুন মুখ্য সচিব হ'ব জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জিষ্ণু বৰুৱা । বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁৰ পৰাই পৰৱৰ্তী কাৰ্যকালৰ বাবে মুখ্য সচিবৰ দায়িত্বভাৰ চমজি ল'ব জিষ্ণু বৰুৱাই ।

new-chief-secretary-of-assam-jishnu-baruah
ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

By

Published : Oct 30, 2020, 3:33 PM IST

গুৱাহাটী, 30 অক্টোবৰ : ৰাজ্যৰ নতুন মুখ্য সচিব হ'ব জ্যেষ্ঠ প্ৰশাসনিক বিষয়া জিষ্ণু বৰুৱা । বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁৰ পৰাই পৰৱৰ্তী কাৰ্যকালৰ বাবে মুখ্য সচিবৰ দায়িত্বভাৰ চমজি ল'ব জিষ্ণু বৰুৱাই । সম্প্ৰতি অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা জিষ্ণু বৰুৱা হৈছে 1988 বেটচৰ আই এ এছ বিষয়া ।

ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

আনহাতে,বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল 31 অক্টোবৰ পৰ্যন্ত আছিল যদিও তেওঁৰ কাৰ্যকাল আৰু ছমাহৰ বাবে বৃদ্ধি কৰিবলৈ চৰকাৰে চিন্তা চৰ্চা কৰিছিল । কিন্তু শেহতীয়াকৈ আৰক্ষী নিযুক্তি কেলেংকাৰীত তেওঁৰ আৰক্ষী ভাতৃ কুমাৰ সঞ্জিৎ কৃষ্ণৰ নাম সাঙুৰ খাই পৰাই নহয়,তেওঁক গ্ৰেপ্তাৰো কৰিছিল চি আই ডিয়ে । এই ঘটনাচক্ৰৰ পিছতে নতুন মুখ্য সচিব নিযুক্তিৰ বিষয়টোৱে নতুন গতি ল'বলৈ আৰম্ভ কৰে । উল্লেখযোগ্য যে, 2019 চনৰ ডিচেম্বৰত সেই সময়ৰ মুখ্য সচিব আলোক কুমাৰৰ অৱসৰৰ পিছত মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল কুমাৰ সঞ্জয় কৃষ্ণই ।

আনহাতে,পৰৱৰ্তী মুখ্য সচিব কোন হ'ব তাকে লৈ যোৱা প্ৰায় এটা মাহে ৰাজধানী দিছপুৰত ব্যাপক জল্পনা কল্পনা চলিছিল যদিও তাৰ অন্ত পেলাই চৰকাৰে নতুন মুখ্য সচিব হিচাপে জিষ্ণু বৰুৱাকেই নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক :মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details