অসম

assam

ETV Bharat / city

NEFVTA ৰ উদ্যোগত প্ৰথম ছুটি ছবি মহোৎসৱৰ আয়োজন - Short film festival

২৮ আগষ্টত মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত উত্তৰ-পূব চলচিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সন্থা চমুকৈ নেফটাৰ (NEFVTA) উদ্যোগত প্ৰথমবাৰৰ বাবে ছুটি ছবি মহোৎসৱৰ (Short film festival) আয়োজন কৰা হৈছে (NEFVTA organizes short film festival at Jyoti Chitraban in Guwahati) । এই মহোৎসৱলৈ ছুটি ছবিসমূহ প্ৰেৰণৰ অন্তিম তাৰিখ ১০ আগষ্ট ।

NEFVTA to organize  short film festival at Jyoti Chitrabon Film Studio in Guwahati
NEFVTA ৰ উদ্যোগত প্ৰথম ছুটি ছবি মহোৎসৱৰ আয়োজন

By

Published : Jun 20, 2022, 8:39 PM IST

Updated : Jun 20, 2022, 9:06 PM IST

গুৱাহাটী,২০জুন: উত্তৰ পূব চলচিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সন্থাৰ (NEFVTA) উদ্যোগত প্ৰথম ছুটি ছবি মহোৎসৱ ( Short film festival) ৰ আয়োজন কৰা হৈছে । ২৮ আগষ্টত জ্যোতি চিত্ৰবনত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই ছুটি ছবি মহোৎসৱৰ (NEFVTA organizes short film festival at Jyoti Chitraban in Guwahati) । এই মহোৎসৱত উত্তৰ পূবৰ আঞ্চলিক ভাষাৰ যিকোনো ছুটি ছবিয়ে অংশ গ্ৰহণ কৰিব পাৰিব ।

দুটা শাখাত এই মহোৎসৱৰ আয়োজন কৰা হৈছে । ক শাখাত সৰ্বাধিক ১০ মিনিটৰ ছুটি ছবি আৰু খ শাখাত সৰ্বাধিক ৩০ মিনিট দৈৰ্ঘৰ ছুটি ছবিয়ে অংশ গ্ৰহণ কৰিব পাৰিব । লগতে এই দুয়োটা শাখাতে দুটাকৈ পুৰস্কাৰ থকাৰ কথা উল্লেখ কৰিলে NEFVTA ৰ মহোৎসৱ সঞ্চালক শিবানন বৰুৱাই ৷ লগতে উত্তৰ-পূব চলচিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সন্থাৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে ছুটি ছবি মহোৎসৱখনি আয়োজন কৰা হৈছে বুলি জনালে শিবানন বৰুৱাই।

NEFVTA উদ্যোগত প্ৰথম ছুটি ছবি মহোৎসৱৰ আয়োজন

এইবাৰ আঞ্চলিক পৰ্যায়ত আয়োজন কৰা হৈছে এই মহোৎসৱখনি । এই মহোৎসৱত অশংগ্ৰহণ কৰিব বিচৰা ছুটি ছবিৰ বাবে ৫০০ টকাৰ ভৰ্তি মাচুল দিব লাগিব বুলি জনালে মহোৎসৱ সঞ্চালক শিবানন বৰুৱাই ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছুটি ছবি মহোৎসৱৰ আয়োজন কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে বিশিষ্ট পৰিচালক তথা দৃশ্যগ্ৰহণকাৰী শিবানন বৰুৱাই । মহোৎসৱলৈ ছুটি ছবিসমূহ প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ১০ আগষ্ট ।

মহোৎসৱত ছুটি ছবি প্ৰেৰণ কৰিবলৈ বিচৰা সকলে NEFVTA ৰ ৱেবছাইত www.nefvta.in নাইবা সন্থাৰ মহানগৰীৰ মাণিক নগৰস্থিত কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব । আনহাতে মহোৎসৱৰ ক’ শাখাত শ্ৰেষ্ঠ ছুটি কাল্পনিক কাহিনী ছবিলৈ (best short flction film) ৩০ হাজাৰ আৰু দ্বিতীয় শ্ৰেষ্ঠ ছুটি ছবিলৈ ১৫ হাজৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব ।

খ’ শাখাত শ্ৰেষ্ঠ ছুটি কাল্পনিক কাহিনী ছবিলৈ (best short flction film) ৫০ হাজাৰ আৰু দ্বিতীয় শ্ৰেষ্ঠ ছুটি ছবিলৈ ২৫ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি জানিব দিয়ে সঞ্চালকগৰাকীয়ে । ইতিমধ্যে অসমৰ লগতে মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল, চিকিম, নাগালেণ্ডৰ পৰা প্ৰায় ৫০০ প্ৰযোজক, পৰিচালকে যোগাযোগ কৰিছে । ছুটি ছবি মহোৎসৱলৈ এইবাৰ এহেজাৰতকৈ অধিক ছুটি আহিব বুলি আশা প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে ৷ উল্লেখ্য যে, মহোৎসৱৰ ব্ৰেণ্ড এম্বেচাদৰ গৰাকী হৈছে অভিনেত্ৰী আইমী বৰুৱা ।

লগতে পঢ়ক:বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন: ডিফুত ক'লে মুখ্যমন্ত্ৰীয়ে

Last Updated : Jun 20, 2022, 9:06 PM IST

ABOUT THE AUTHOR

...view details