অসম

assam

By

Published : Oct 20, 2019, 12:04 AM IST

ETV Bharat / city

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীৰ অভিযান

২০১৭-১৮ বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰত মহানগৰীৰ গণেশগুৰিস্থিত কাৰ্যালয়ত আৰক্ষীৰ অভিযান ৷

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীৰ অভিযান

গুৱাহাটী,19 অক্টোবৰ: শনিবাৰে গুৱাহাটীৰ গনেশগুৰিস্থিত সংখ্যালঘু বৰ্ডৰ কাৰ্যালয়ত অৰ্তকিতে এক অভিযান চলাই নগাঁও আৰক্ষীয়ে ৷ তথ্য অনুসৰি 2017-18 বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত বিভাগটোত সংঘটিত হোৱা এক কোটিটকীয়া কেলেংকাৰী গোচৰৰ তদন্তৰ বাবে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ৰুমী টিমুঙপিৰ নেতৃত্বত এটা দলে চলাই এই অভিযান ৷ অভিযানকালত আৰক্ষীয়ে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক সোধ-পোছ কৰাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰে ৷

ইফালে এই কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত চাহজাহান নামৰ এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷ সাংবাদিকৰে হোৱা মুখা-মুখিত তদন্তৰ স্বাৰ্থত কেলেংকাৰী সন্দৰ্ভত অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে তদন্তকাৰী আৰক্ষী বিষয়া ৰুমী টিমুঙপি ৷

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীৰ অভিযান

উল্লেখযোগ্য যে, 2017-18 বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত অহা ধন ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত আত্মসাৎ কৰিছিল একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে চি এছ পিৰ স্বত্বাধিকাৰীয়ে ৷ ইয়াৰ পাছতে কেলেংকাৰী সন্দৰ্ভত জুৰীয়া থানাত ৩৫০/১৯ নম্বৰত ৰুজু হৈছিল এটা গোচৰ ৷ তাৎপৰ্যপূৰ্ণ যে,উক্ত কেলেংকাৰী সন্দৰ্ভত চি আই ডিটো ৰুজু হৈ আছে এটা গোচৰ ৷

ABOUT THE AUTHOR

...view details