গুৱাহাটী,14 আগষ্ট :ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi criticizes Assam Govt)৷ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহ বৰ্তাই ৰখাৰ বাবে ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধনৰ অভাৱ ঘটিছে । মাতৃভাষাৰ বিদ্যালয় ধ্বংসৰ আখৰা চলি থকাৰ সময়তে খোদ চৰকাৰৰ এটাৰ পাছত আন এটা সিদ্ধান্তই সকলোকে হতচকিত কৰিছে । এইবাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত ব্যক্তি বিশেষৰ সহায় ল'ব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ।
চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে শিক্ষা বিভাগে হাত মেলিব লগা হৈছে । শেহতীয়াকৈ অসম সৰ্বশিক্ষা অভিযান মিছনৰ এক নিৰ্দেশনাই ৰাজ্যৰ শৈক্ষিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এতিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন জি অ' আদিৰ ওচৰত হাত পাতিবলৈ নিৰ্দেশ দিছে সৰ্বশিক্ষা মিছনে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।
উল্লেখ্য যে, সৰ্বশিক্ষাৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন গঠন কৰি তেওঁলোকৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে (Axom Sarba Siksha Abhiyan Mission notification)। ডেস্ক-বেঞ্চ, বৈদ্যুতিক পাংখা, ফিল্টাৰ আদি বিদ্যালয়ৰ প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক সা-সামগ্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এন জি অ' আদিৰ পৰা অনুদান হিচাপে গ্ৰহণ কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে শিক্ষা বিভাগে ।
শনিবাৰে গুৱাহাটীৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দান-বৰঙণিৰে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে ।