অসম

assam

ETV Bharat / city

World Health Day : লালকিল্লাত যােগ উৎসৱ - কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড়ী

"যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। মানৱ জীৱনৰ শাৰীৰিক মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম " এইদৰে বৃহস্পতিবাৰে লালকিল্লাৰ 15 আগষ্ট গ্ৰাউণ্ডত আয়ুষ মন্ত্ৰণালয়ৰ উদ্যোগত বিশ্ব স্বাস্থ্য দিৱস (World Health Day) উপলক্ষে যোগ উৎসৱ অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় ৷

ministry-of-ayush-celebrate-yoga-festival-at-red-fort-on-world-health-day
লালকিল্লাত যােগ উৎসৱ

By

Published : Apr 7, 2022, 10:08 PM IST

গুৱাহাটী, 7 এপ্ৰিল:বৃহস্পতিবাৰে লালকিল্লাৰ 15 আগষ্ট গ্ৰাউণ্ডতআয়ুষ মন্ত্ৰণালয়ৰ (Ministry of AYUSH) উদ্যোগতবিশ্ব স্বাস্থ্য দিৱস (World Health Day) উপলক্ষে যোগ উৎসৱৰ আয়োজন কৰে (Ministry of Ayush celebrate yoga festival) । অনুষ্ঠানটোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 75 দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰো সূচনা কৰে ।

সহস্ৰাধিক লোকৰ যোগ প্ৰদর্শনেৰে মুখৰিত অনুষ্ঠানটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে । সমবেত লোকসকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, "যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। মানৱ জীৱনৰ শাৰীৰিক মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম ।"

লালকিল্লাত যােগ উৎসৱ

এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণাৱালে কয়, "যোগ হৈছে এক দৈনন্দিন অভ্যাস যিয়ে শৰীৰ আৰু মনৰ মাজত সমন্বয় গঢ় দিয়ে । ই আমাক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু আধুনিক জীৱনৰ প্ৰত্যাহ্বানৰ সফলতাৰে মোকাবিলা কৰিবলৈ মানসিক ভাৰসাম্য তথা আৱেগিক স্থিৰতা প্ৰদান কৰে ।’’

এই অনুষ্ঠানত সাংসদ, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, যোগ গুৰু, জ্যেষ্ঠ বিষয়া আৰু স্বেচ্ছাসেৱকসকলে সক্ৰিয় অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড়ী, ভূপেন্দৰ যাদৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখি, ৰামেশ্বৰ তেলী, ৰাজকুমাৰ ৰঞ্জন সিং, শান্তনু ঠাকুৰ প্ৰমুখ্যে জগদম্বিকা পাল, ৰাজেন্দ্ৰ আগৰৱালা, সুনীতা দুগ্নল, মংগলা সুৰেশ অংগাৰি, চি লাল্টলানথাংগা, ফাংগ্ন'ন কন্যাক, তপন কুমাৰ গগৈ, ৰাজদ্বীপ ৰয়, হৰেণ সিং বে' সাংসদসকল এই অনুষ্ঠানত উপস্থিত থাকে ।

লগতে, চুইডেন, হাংগেৰী, ভিয়েটনাম, মাদাগাস্কাৰ, ত্রিনিদাদ আৰু ট'বাগো, ভেনিজুৱেলা, ট'গ', পেৰু, কিৰগিজস্তান, জিম্বাবোৱেৰ দৰে বস্তু দেশৰ দূতাবাস আৰু উচ্চ আয়োগৰ বিশিষ্ট ব্যক্তিসকল আৰু বিষয়াসকলে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 75 দিনীয়া কাউন্টডাউন অনুষ্ঠানত বিশ্বব্যাপী উপস্থিতি নিশ্চিত কৰি যোগ উৎসৱত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰাজ্যসভাৰ পাৰ্শ্চক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ

ABOUT THE AUTHOR

...view details