অসম

assam

ETV Bharat / city

যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী - গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ (GMC election campaign) নামত মন্ত্রীয়ে উলংঘা কৰিলে আইন। জালুকবাৰীত ১ নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ সমৰ্থনত বাহিৰ কৰা বাইক ৰেলীত ডিঙিত গামোচা লৈ হেলমেট অবিহনে বুলেট চলালে মন্ত্রী অতুল বৰাই (Minister Atul Bara)। মন্ত্ৰীৰ নেতৃত্বত বাহিৰ হোৱা বাইক ৰেলীত প্ৰায় সকলোৱেই ভংগ কৰিলে যান-বাহন আইন।

Minister Atul Bara's bike rally in violates traffic laws
যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী

By

Published : Apr 16, 2022, 9:24 PM IST

গুৱাহাটী,১৬ এপ্ৰিল: বিধান প্ৰণয়ন কৰা সকলে নামানে বিধান। বিধান প্ৰণয়ন কৰা সকলেই পদে পদে উলংঘা কৰে বিধান। আইন যেন কেৱল সাধাৰণ জনতাৰ বাবেহে। মন্ত্ৰী-বিধায়ক তথা ৰাজনীতিক সকলে যি মন যায় তাকেই কৰিব পাৰে। তাৰেই উদাহৰণ আজি পুনৰ দেখিবলৈ পোৱা গ'ল। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ নামত মন্ত্রীয়ে উলংঘা কৰিলে আইন। অৱশ্যে মন্ত্রী-বিধায়ক তথা ৰাজনৈতিক নেতাই আইন উলংঘা কৰাটো নতুন কথা নহয়।

লক্ষণীয় বিষয় যে শেহতীয়াকৈ ৰাজ্যৰ পৰিবহন বিভাগে যান-বাহন আইন ভংগকাৰীৰ (Traffic rule violation) বিৰুদ্ধে তীব্ৰ কৰিছে অভিযান। যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন তথা পৰিবহন বিভাগ। গুৱাহাটী মহানগৰ জিলাৰ যান-বাহন আৰক্ষীৰ লগতে পৰিবহন বিভাগে যান-বাহন আইন ভংগ কৰা সকলৰ পৰা অভিলেখ সংখ্যক হাৰত সংগ্ৰহ কৰিছে জৰিমনা।

যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী

সমগ্ৰ ৰাজ্যতে অব্যাহত আছে এই অভিযান। দুচকীয়া, চাৰিচকীয়া কোনো বাহন বাদ দিয়া নাই আৰক্ষীয়ে। যিসমূহ নীতি-নিয়ম কঠোৰ ভাৱে পৰ্যবেক্ষণ কৰা হৈছে, তাৰ ভিতৰত অন্যতম দুচকীয়া বাহনৰ চালকৰ লগতে আৰোহীৰো হেলমেট পৰিধান কৰা বাধ্যতামূলক নিয়ম। যিয়েই এই আইন ভংগ কৰিছে তেওঁৰ বিৰুদ্ধেই কঠোৰ হৈছে যান-বাহন আৰক্ষী। আনহে নালাগে কামৰূপ মহানগৰ জিলাৰ ডি টি অ’ গৌতম দাসে নিজেই ৰাজপথত নামি এই অভিযান তীব্ৰ কৰিছে।

আইন উলংঘা কৰা সাধাৰণ জনতাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ সময়তে শনিবাৰে গুৱাহাটীৰ জালুকবাৰীত গাড়ীগাঁৱত দেখা গ’ল এক বিশেষ দৃশ্য। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC election 2022) বাবে প্ৰচাৰ তুংগত হৈ থকাৰ মাজতে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ সপক্ষে উলিয়াইছিল এক বাইক ৰেলী। বুলেট চলাই ভালপোৱা অতুল বৰাই পূৰ্বেও বিধানসভা, লোকসভাৰ নিৰ্বাচনত বাইক ৰেলীত অংশগ্ৰহণ কৰিছে।

ব্যতিক্ৰম নহ’ল এইবাৰৰ জি এম চিৰ নিৰ্বাচনো। ১ নং ৱাৰ্ডৰ প্ৰাৰ্থীজনৰ সমৰ্থনত বাহিৰ কৰা বাইক ৰেলীত ডিঙিত গামোচা লৈ বুলেট চলোৱা অৱস্থাত দেখা গ’ল মন্ত্রী অতুল বৰাক। কিন্তু এইগৰাকী মন্ত্ৰীৰ নেতৃত্বত বাহিৰ হোৱা এই বাইক ৰেলীত সকলোৱেই ভংগ কৰিলে যান-বাহন আইন। মন্ত্ৰী অতুল বৰাই নিজেই হেলমেট পৰিধান নকৰাকৈ বুলেট চলাই আইন ভংগ কৰি যেন সকলোৰে সম্মুখত এক আদৰ্শ হে দাঙি ধৰিলে। কিয়নো ৰেলীত অংশগ্ৰহণ কৰা প্ৰায় সংখ্যক সমৰ্থকেই বাইক চলোৱা সময়ত পৰিধান নকৰিলে হেলমেট।

নামমাত্ৰ কেইজন মানে হেলমেট পৰিধান কৰিলে যদিও তেওঁলোকৰ বাইকৰ আৰোহী কেইজনে কিন্তু পৰিধান নকৰিলে হেলমেট। অতুল বৰাই নিজেই এই ৰেলীৰ কেইবাখনো ফটো স‍মাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে। অতুল বৰাৰ উপৰিও এই বাইক ৰেলীত অংশগ্ৰহণ কৰিছিল বিধায়ক পুনাকন বৰুৱাই ।এই দৃশ্য দেখি স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হয় যে আইন কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি। আইন প্ৰণয়নকাৰী হিচাপে মন্ত্রী অতুল বৰাই আইন কিদৰে মানি চলিব লাগে সেই বিষয়ে আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বিপৰীতে আইন ভংগ কৰি এইদৰে ৰেলী কৰা বিষয়টোৱে স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈ পৰিছে ।

সামাজিক মাধ্যমত অতুল বৰাক এই কাৰ্যৰ বাবে বহুতেই সমালোচনা কৰিছে। বহুতেই আকৌ প্ৰশ্ন কৰিছে কামৰূপ মহানগৰ যান-বাহন আৰক্ষীয়ে শাসকদলৰ এইসকল সমৰ্থকৰ বিৰুদ্ধে জৰিমনা বিহিব পাৰিবনে। মন্ত্রীৰ এনে কাৰ্য দেখি স্বাভাৱিকতে বহু প্ৰেশ্নৰ অৱতাৰণা হৈছে। কিন্তু এই প্ৰশ্নৰ উত্তৰ দিওতা কোনো নাই। কাৰণ ৰজাঘৰক কোনটো চৰকাৰী বিভাগে জবাবদিহি কৰাৰ সাহস কৰিব।

লগতে পঢ়ক :১০ বছৰৰ পিছত আৰু নাথাকিব চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details