অসম

assam

By

Published : Oct 28, 2021, 7:22 AM IST

ETV Bharat / city

মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি জাতীয় পৰিষদৰ গণ বিক্ষোভ কাৰ্যসূচী

চৰকাৰী পৃষ্ঠপোষকতাত ধাৰাবাহিকভাৱে হৈ থকা মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অৰ্থাৎ ২৮ অক্টোবৰ, বুধবাৰে ৰাজভৱন অভিমুখে গৈ গণ বিক্ষোভ কাৰ্য্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে ৷ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা-সদস্যৰ লগতে দলৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলা সমিতিয়েও এই গণ বিক্ষোভ কাৰ্যসূচীত ভাগ লব ৷

মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি জাতীয় পৰিষদৰ গণ বিক্ষোভ
মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি জাতীয় পৰিষদৰ গণ বিক্ষোভ

গুৱাহাটী, 28 অক্টোবৰ: চৰকাৰী পৃষ্ঠপোষকতাত ধাৰাবাহিকভাৱে হৈ থকা মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অৰ্থাৎ ২৮ অক্টোবৰ, বুধবাৰে ৰাজভৱন অভিমুখে গৈ গণ বিক্ষোভ কাৰ্য্যসূচী পালন কৰিব অসম জাতীয় পৰিষদে ৷ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে খাদ্য দ্ৰব্যৰ পৰা আৰম্ভ কৰি ঔষধলৈ তথা পেট্ৰল-ডিজেল-ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি গৃহ-নিৰ্মাণৰ সামগ্ৰীলৈ সকলো খণ্ডতে হোৱা অসহনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দিনৰ ১১ বজাত গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ পদযাত্ৰা কৰিব আৰু ৰাজভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব ৷

চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা গ্ৰহণৰ সলনি বনিয়া গোষ্ঠীসমূহৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ প্ৰতিবাদকল্পে তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী কৰি জাতীয় পৰিষদে অসমৰ ৰাজ্যপালক এখন স্মাৰকপত্ৰও প্ৰদান কৰিব ৷ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা-সদস্যৰ লগতে দলৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলা সমিতিয়েও উক্ত গণ বিক্ষোভ কাৰ্যসূচীত ভাগ লব ৷

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে উল্লেখ কৰে যে, "অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে ৷ এফালে সংস্থাপনহীনতা আৰু আনহাতে অসহনীয় মূল্যৰ বোজাই সৃষ্টি কৰা আকালৰ পৰিস্থিতি মোকাবিলা কৰিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী লোকে আত্মহননৰ পথ বাচি লোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ৷ অথচ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলোৱা এই বিজেপি দলেই এসময়ত মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ উত্তাল কৰি ৰাখিছিল ৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপিৰ শীৰ্ষস্থানীয় নেত্ৰীয়ে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ৰাজপথত আন্দোলন কৰিছিল ৷ কিন্তু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতেই পূৰ্বৰ স্থিতি পাহৰি বিজেপি দলে সকলো ধৰণৰ সামগ্ৰীৰ মূল্যবৃদ্ধিত আওপকীয়া অৰিহনাহে যোগাই আহিছে ৷ অবাধ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ কঁকাল পোনাব নোৱাৰা অৱস্থা কৰি ৰখাৰ সময়তে বিজেপি দলে বিধায়ক কিনা-বেচা কৰাৰ জৰিয়তে অসমৰ কেইবাটাও সমষ্টিত অপ্ৰত্যাশিত ভাৱে নিৰ্বাচন জাপি দি ক্ষমতা প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ৷ বিজেপি দল আৰু চৰকাৰৰ এনে গণবিৰোধী কাৰ্যৰ প্ৰতিবাদ হ'বই লাগিব ৷"

জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত উল্লেখ কৰে যে, বুধবাৰে গুৱাহাটীস্থিত ৰাজভৱনলৈ গৈ গণ বিক্ষোভ কাৰ্যসূচী পালনৰ পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে দলে ৰাজ্যৰ জিলা সদৰ সমূহতো অনুৰূপ কাৰ্যসূচী ৰূপায়ন কৰিব ৷ উক্ত কাৰ্যসূচী সমূহত অংশগ্ৰহণৰ জৰিয়তে বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে জনমত গঠনত সহযোগিতা আগবঢ়াবলৈ গগৈ আৰু ভূঞাই ৰাইজক জনাইছে আহ্বান ৷

লগতে পঢ়ক:বিবাহৰ অনুষ্ঠানকলৈ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details