অসম

assam

ETV Bharat / city

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস

মহানগৰীৰ বজাৰত বৃদ্ধি হ'ল শাক-পাচলিৰ মূল্য । প্ৰতিবিধ পাচলিৰ মূল্য বৃদ্ধি হয় ১০-৩০টকালৈ ।

By

Published : Jul 21, 2019, 6:41 PM IST

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস

গুৱাহাটী,২১জুলাই : ৰাজ্যত প্ৰলয়ংকাৰী বানৰ পাছত এইবাৰ সন্ত্ৰাস চলাইছে শাক-পাচলিয়ে । মহানগৰীৰ বজাৰত প্ৰতিবিধ শাক-পাচলিৰ মূল্য বৃদ্ধি হয় ১০ৰ পৰা ৩০টকালৈ । বেঙেনা, বিলাহী, কোমোৰাৰ পৰা আদি কৰি সকলো পাচলিৰ মূল্য বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে সৰ্বসাধৰণ ৰাইজ । প্ৰলয়ংকাৰী বানে খেতিয়কসকলৰ সকলো শাক-পাচলি নষ্ট কৰাৰ বাবে এই শাক-পাচলিসমূহৰ মূল্য বৃদ্ধি হোৱা বুলি একাংশ ব্যৱসায়ীয়ে মন্তব্য কৰে ।

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস
ইফালে, মহানগৰীৰ বজাৰত কোনো সামগ্ৰীৰ মূল্য ব্যৱসায়ীয়ে নিজ ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব বুলি মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই দিয়া কঠোৰ নিৰ্দেশনাকো মহানগৰীৰ মুনাফালোভী বেপাৰীয়ে অমান্য কৰি আছে বুলি সৰ্বসাধৰণ ৰাইজে মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details