গুৱাহাটী, ২৭ ডিচেম্বৰ :চাওঁতে চাওঁতে উত্তৰ-পূৱতো অ’মিক্ৰণৰ ভয়ংকৰ হাতোৰাই প্ৰথমটো কোব মাৰিলে । সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰণত আক্ৰান্ত(OMICRON First case in North East) লোক ধৰা পৰে মণিপুৰত । লোকজনৰ ঘৰ পশ্চিম ইম্ফলত বুলি ইতিমধ্যে নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে ।
প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ ডিচেম্বৰত টানজানিয়া ভ্ৰমণ কৰি মণিপুৰলৈ উভতি আহিছিল এই লোকজন । সেইদিনাই তেওঁৰ ক'ভিড পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হোৱা গৈছিল । পৰবৰ্তী সময়ত অ’মিক্ৰণৰ পৰীক্ষাৰ বাবে তেওঁৰ জীনম কলকাতালৈ পঠিওৱা হৈছিল ।