গুৱাহাটী, 7 এপ্ৰিল :ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে অসম আৰক্ষীত ব্যাপক ৰদবদল কৰে (Major reshuffle in Assam Police) । কাহিলীপাৰাৰ চতুৰ্থ অসম বেটেলিয়ানৰ কামাণ্ডাৰৰ দায়িত্বত থকা শিলাদিত্য চেতিয়াক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে । শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পৰশুৰাম ঘণাৱটক অসম আৰক্ষীৰ আই জি পি (প্ৰশাসন) দায়িত্বলৈ বদলি কৰা হৈছে ।
ইপিনে শিৱসাগৰৰ লিগিৰিপুখুৰী এক নং বেটেলিয়নৰ কামাণ্ডাৰ শ্ৰী যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে । মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাজেশ ৰোচনক মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তলৈ বদলি কৰা হৈছে ।
শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাক যোৰহাটৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে । নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক শদিয়াৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে ।