অসম

assam

ETV Bharat / city

Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

অৱশেষত 17 দিনৰ অন্তত মালিগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত (accused of maligaon murder case) বিকি সাহানীক জালুকবাৰী আৰক্ষীয়ে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Jalukbari Police arrested biki Sahani) ৷ 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈ তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।

By

Published : Nov 23, 2021, 10:17 AM IST

maligaon-murder-case
Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

গুৱাহাটী, 23 নৱেম্বৰ :অৱশেষত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তৰুণ ডেকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত(main accused of tarun deka murder case) বিকি সাহানীক । সোমবাৰে প্ৰায় 17 দিনৰ অন্তত চিচি টিভিৰ ফুটেজৰ ভিত্তিত অভিযান চলাই কোচবিহাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী বিকি সাহানীক(biki sahani arrested from cooch behar) ৷

উল্লেখ্য যে, 5 নৱেম্বৰৰ নিশা মালিগাঁও চাৰিআলিত প্ৰায় 11 মান বজাত বিকি সাহানীয়ে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল তৰুণ ডেকাক(biki sahani killed tarun deka) । এই তৰুণ ডেকা নামৰ লোকজনে বিগত প্ৰায় 36 বছৰ ধৰি মালিগাঁৱৰ ভৰালী কম্পেলক্সত চকিদাৰ হিচাপে কৰ্মৰত আছিল । হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনা অৰ্থাৎ 6 নৱেম্বৰৰ পুৱা ভৰালী কম্পেলক্সৰ ভূমি মহলাৰ কৰিডৰত তৰুণ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ ইতিমধ্যে এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা চিচি কেমেৰাত বন্দী হৈছিল ।

Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

জানিব পৰা মতে, মালিগাঁও চাৰিআলিৰ বিগত 8 মাহ ধৰি এখন ইলেক্ট্ৰিক ৰিপেয়াৰিং দোকান এখনত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল বিকি সাহানী । 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হয় ৷ ইয়াৰ পৰিণতিতে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।

ইয়াৰ পাচতে জালুকবাৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাৰ অধীনত 1299/21 নম্বৰত এটি গোচৰ ৰুজু কৰা হয় ৷ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখি কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত সাহানীক । হত্যাকাৰী সাহানীক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।

লগতে পঢ়ক :কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে তৰুণ ডেকাক

ABOUT THE AUTHOR

...view details