অসম

assam

ETV Bharat / city

লুৰিনৰ বিদায় বেলাত কি ক'লে সতীৰ্থসকলে ? - আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ

বিদায় বেলাত লুৰিনলৈ বিশেষ আহ্বান জনালে আছুৰ সতীৰ্থসকলে । এগৰাকী আপোচবিহীন আৰু বিচক্ষণ নেতা হিচাপে লুৰিনক অভিহিত কৰিলে সকলোৱে ৷

প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ
আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে লুৰিনে

By

Published : Dec 4, 2020, 8:02 AM IST

গুৱাহাটী, 4 ডিচেম্বৰ :আছুৰ পৰা বিদায় ল'লে প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে । আছুৰ এগৰাকী বলিষ্ঠ কণ্ঠক বিদায় দি আবেগিক হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল । বিদায় অনুষ্ঠানত সকলোৱে লুৰিনজ্যোতি গগৈৰ নেতৃত্বক শলাগ লয় । এগৰাকী আপোচবিহীন আৰু বিচক্ষণ নেতা হিচাপে আছুৰ মজিয়াত লুৰিনে প্ৰতিষ্ঠা লাভ কৰিছিল বুলি সকলোৱে মন্তব্য কৰে ।

আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে লুৰিনে

বিদায় বেলাত লুৰিনলৈ বিশেষ আহ্বান জনালে আছুৰ সতীৰ্থসকলে । আছুৰ নেতৃত্ব বহন কৰা সময়ত কিদৰে লুৰিনজ্যোতি গগৈয়ে দৃঢ় স্থিতি গ্ৰহণ কৰি ছাত্ৰ সংগঠনটোক এক নতুন গতি দিছিল সেই স্মৃতি ৰোমন্থন কৰে সদস্যসকলে । আছুৰ সেই আদৰ্শৰে আগবাঢ়ি যাওঁক লুৰিনজ্যোতি গগৈ । জাতীয় স্বাৰ্থত সদায়ে আপোচবিহীন স্থিতি গ্ৰহণ কৰি যাওঁক লুৰিনে । লুৰিন হওঁক অৱহেলিত, নিস্পেষিত, বঞ্চিত জনতাৰ কণ্ঠ । লগতে অনাগত যাত্ৰা সুখময় হয় তাকেই কামনা কৰে তেওঁৰ প্ৰাক্তন সতীৰ্থসকলে ।

আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে লুৰিনে
আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে লুৰিনে

লগতে পঢ়ক :কাছাৰৰ বেৰেঙ্গাত বাহনৰ ওপৰত গছ পৰি থিতাতে নিহত দুই

ABOUT THE AUTHOR

...view details