গুৱাহাটী, ২২ মাৰ্চ :মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনতাৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ । সোমবাৰে নিশাৰে পৰা ৫০টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰ মূল্য। প্রতিটো ঘৰুৱা ছিলিণ্ডাৰত বৃদ্ধি হৈছে এই মূল্য (LPG cylinder price hike)। বৰ্তমান এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৯৮.৫০ টকা । উল্লেখ্য যে গ্ৰাহকে এতিয়াৰে পৰা হাজাৰ টকাৰ ওপৰত ক্ৰয় কৰিব লাগিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ ।
গুৰুত্বপূৰ্ণ কথা যোৱা ৬ অক্টোবৰত বৃদ্ধি হৈছিল ঘৰুৱা ৰন্ধন গেছৰ মূল্য। তাৰ পিছত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছিল ৯৪৮.৫০ টকা । বিগত বৰ্ষৰ মাৰ্চৰ পৰা আজিলৈ এবছৰত মুঠ ১৩০ টকা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে । বিগত বৰ্ষৰ মাৰ্চত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৮৬৪ টকা, এপ্ৰিলত ৮৫৮, জুনত ৮৫৮, জুলাইত ৮৮৩.৫০, আগষ্টত ৯০৮.৫০, ছেপ্তেম্বৰত ৯৩৩.৫০, অক্টোবৰত ৯৪৮.৫০ লৈ মূল্য বৃদ্ধি পাইছে ।